< ১ রাজাবলি 15 >

1 নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
καὶ ἐν τῷ ὀκτωκαιδεκάτῳ ἔτει βασιλεύοντος Ιεροβοαμ υἱοῦ Ναβατ βασιλεύει Αβιου υἱὸς Ροβοαμ ἐπὶ Ιουδα
2 তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
καὶ ἓξ ἔτη ἐβασίλευσεν καὶ ὄνομα τῆς μητρὸς αὐτοῦ Μααχα θυγάτηρ Αβεσσαλωμ
3 তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
καὶ ἐπορεύθη ἐν ταῖς ἁμαρτίαις τοῦ πατρὸς αὐτοῦ αἷς ἐποίησεν ἐνώπιον αὐτοῦ καὶ οὐκ ἦν ἡ καρδία αὐτοῦ τελεία μετὰ κυρίου θεοῦ αὐτοῦ ὡς ἡ καρδία Δαυιδ τοῦ πατρὸς αὐτοῦ
4 তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
ὅτι διὰ Δαυιδ ἔδωκεν αὐτῷ κύριος κατάλειμμα ἵνα στήσῃ τέκνα αὐτοῦ μετ’ αὐτὸν καὶ στήσῃ τὴν Ιερουσαλημ
5 কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
ὡς ἐποίησεν Δαυιδ τὸ εὐθὲς ἐνώπιον κυρίου οὐκ ἐξέκλινεν ἀπὸ πάντων ὧν ἐνετείλατο αὐτῷ πάσας τὰς ἡμέρας τῆς ζωῆς αὐτοῦ
6 সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
7 অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
καὶ τὰ λοιπὰ τῶν λόγων Αβιου καὶ πάντα ἃ ἐποίησεν οὐκ ἰδοὺ ταῦτα γεγραμμένα ἐπὶ βιβλίῳ λόγων τῶν ἡμερῶν τοῖς βασιλεῦσιν Ιουδα καὶ πόλεμος ἦν ἀνὰ μέσον Αβιου καὶ ἀνὰ μέσον Ιεροβοαμ
8 পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
καὶ ἐκοιμήθη Αβιου μετὰ τῶν πατέρων αὐτοῦ ἐν τῷ εἰκοστῷ καὶ τετάρτῳ ἔτει τοῦ Ιεροβοαμ καὶ θάπτεται μετὰ τῶν πατέρων αὐτοῦ ἐν πόλει Δαυιδ καὶ βασιλεύει Ασα υἱὸς αὐτοῦ ἀντ’ αὐτοῦ
9 ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
ἐν τῷ ἐνιαυτῷ τῷ τετάρτῳ καὶ εἰκοστῷ τοῦ Ιεροβοαμ βασιλέως Ισραηλ βασιλεύει Ασα ἐπὶ Ιουδαν
10 ১০ তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
καὶ τεσσαράκοντα καὶ ἓν ἔτος ἐβασίλευσεν ἐν Ιερουσαλημ καὶ ὄνομα τῆς μητρὸς αὐτοῦ Ανα θυγάτηρ Αβεσσαλωμ
11 ১১ আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
καὶ ἐποίησεν Ασα τὸ εὐθὲς ἐνώπιον κυρίου ὡς Δαυιδ ὁ πατὴρ αὐτοῦ
12 ১২ তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
καὶ ἀφεῖλεν τὰς τελετὰς ἀπὸ τῆς γῆς καὶ ἐξαπέστειλεν πάντα τὰ ἐπιτηδεύματα ἃ ἐποίησαν οἱ πατέρες αὐτοῦ
13 ১৩ আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
καὶ τὴν Ανα τὴν μητέρα αὐτοῦ μετέστησεν τοῦ μὴ εἶναι ἡγουμένην καθὼς ἐποίησεν σύνοδον ἐν τῷ ἄλσει αὐτῆς καὶ ἐξέκοψεν Ασα τὰς καταδύσεις αὐτῆς καὶ ἐνέπρησεν πυρὶ ἐν τῷ χειμάρρῳ Κεδρων
14 ১৪ কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
τὰ δὲ ὑψηλὰ οὐκ ἐξῆρεν πλὴν ἡ καρδία Ασα ἦν τελεία μετὰ κυρίου πάσας τὰς ἡμέρας αὐτοῦ
15 ১৫ তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
καὶ εἰσήνεγκεν τοὺς κίονας τοῦ πατρὸς αὐτοῦ καὶ τοὺς κίονας αὐτοῦ εἰσήνεγκεν εἰς τὸν οἶκον κυρίου ἀργυροῦς καὶ χρυσοῦς καὶ σκεύη
16 ১৬ আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
καὶ πόλεμος ἦν ἀνὰ μέσον Ασα καὶ ἀνὰ μέσον Βαασα βασιλέως Ισραηλ πάσας τὰς ἡμέρας
17 ১৭ ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
καὶ ἀνέβη Βαασα βασιλεὺς Ισραηλ ἐπὶ Ιουδαν καὶ ᾠκοδόμησεν τὴν Ραμα τοῦ μὴ εἶναι ἐκπορευόμενον καὶ εἰσπορευόμενον τῷ Ασα βασιλεῖ Ιουδα
18 ১৮ পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
καὶ ἔλαβεν Ασα τὸ ἀργύριον καὶ τὸ χρυσίον τὸ εὑρεθὲν ἐν τοῖς θησαυροῖς τοῦ οἴκου τοῦ βασιλέως καὶ ἔδωκεν αὐτὰ εἰς χεῖρας παίδων αὐτοῦ καὶ ἐξαπέστειλεν αὐτοὺς ὁ βασιλεὺς Ασα πρὸς υἱὸν Αδερ υἱὸν Ταβερεμμαν υἱοῦ Αζιν βασιλέως Συρίας τοῦ κατοικοῦντος ἐν Δαμασκῷ λέγων
19 ১৯ “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
διάθου διαθήκην ἀνὰ μέσον ἐμοῦ καὶ ἀνὰ μέσον σοῦ καὶ ἀνὰ μέσον τοῦ πατρός μου καὶ τοῦ πατρός σου ἰδοὺ ἐξαπέσταλκά σοι δῶρα ἀργύριον καὶ χρυσίον δεῦρο διασκέδασον τὴν διαθήκην σου τὴν πρὸς Βαασα βασιλέα Ισραηλ καὶ ἀναβήσεται ἀπ’ ἐμοῦ
20 ২০ তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
καὶ ἤκουσεν υἱὸς Αδερ τοῦ βασιλέως Ασα καὶ ἀπέστειλεν τοὺς ἄρχοντας τῶν δυνάμεων τῶν αὐτοῦ ταῖς πόλεσιν τοῦ Ισραηλ καὶ ἐπάταξεν τὴν Αιν καὶ τὴν Δαν καὶ τὴν Αβελμαα καὶ πᾶσαν τὴν Χεζραθ ἕως πάσης τῆς γῆς Νεφθαλι
21 ২১ যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
καὶ ἐγένετο ὡς ἤκουσεν Βαασα καὶ διέλιπεν τοῦ οἰκοδομεῖν τὴν Ραμα καὶ ἀνέστρεψεν εἰς Θερσα
22 ২২ তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
καὶ ὁ βασιλεὺς Ασα παρήγγειλεν παντὶ Ιουδα εἰς Αινακιμ καὶ αἴρουσιν τοὺς λίθους τῆς Ραμα καὶ τὰ ξύλα αὐτῆς ἃ ᾠκοδόμησεν Βαασα καὶ ᾠκοδόμησεν ἐν αὐτοῖς ὁ βασιλεὺς Ασα πᾶν βουνὸν Βενιαμιν καὶ τὴν σκοπιάν
23 ২৩ আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
καὶ τὰ λοιπὰ τῶν λόγων Ασα καὶ πᾶσα ἡ δυναστεία αὐτοῦ ἣν ἐποίησεν οὐκ ἰδοὺ ταῦτα γεγραμμένα ἐστὶν ἐπὶ βιβλίῳ λόγων τῶν ἡμερῶν τοῖς βασιλεῦσιν Ιουδα πλὴν ἐν τῷ καιρῷ τοῦ γήρως αὐτοῦ ἐπόνεσεν τοὺς πόδας αὐτοῦ
24 ২৪ পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
καὶ ἐκοιμήθη Ασα καὶ θάπτεται μετὰ τῶν πατέρων αὐτοῦ ἐν πόλει Δαυιδ καὶ βασιλεύει Ιωσαφατ υἱὸς αὐτοῦ ἀντ’ αὐτοῦ
25 ২৫ যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
καὶ Ναδαβ υἱὸς Ιεροβοαμ βασιλεύει ἐπὶ Ισραηλ ἐν ἔτει δευτέρῳ τοῦ Ασα βασιλέως Ιουδα καὶ ἐβασίλευσεν ἐπὶ Ισραηλ ἔτη δύο
26 ২৬ তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
καὶ ἐποίησεν τὸ πονηρὸν ἐνώπιον κυρίου καὶ ἐπορεύθη ἐν ὁδῷ τοῦ πατρὸς αὐτοῦ καὶ ἐν ταῖς ἁμαρτίαις αὐτοῦ αἷς ἐξήμαρτεν τὸν Ισραηλ
27 ২৭ পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
καὶ περιεκάθισεν αὐτὸν Βαασα υἱὸς Αχια ἐπὶ τὸν οἶκον Βελααν καὶ ἐπάταξεν αὐτὸν ἐν Γαβαθων τῇ τῶν ἀλλοφύλων καὶ Ναδαβ καὶ πᾶς Ισραηλ περιεκάθητο ἐπὶ Γαβαθων
28 ২৮ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
καὶ ἐθανάτωσεν αὐτὸν Βαασα ἐν ἔτει τρίτῳ τοῦ Ασα υἱοῦ Αβιου βασιλέως Ιουδα καὶ ἐβασίλευσεν
29 ২৯ তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
καὶ ἐγένετο ὡς ἐβασίλευσεν καὶ ἐπάταξεν τὸν οἶκον Ιεροβοαμ καὶ οὐχ ὑπελίπετο πᾶσαν πνοὴν τοῦ Ιεροβοαμ ἕως τοῦ ἐξολεθρεῦσαι αὐτὸν κατὰ τὸ ῥῆμα κυρίου ὃ ἐλάλησεν ἐν χειρὶ δούλου αὐτοῦ Αχια τοῦ Σηλωνίτου
30 ৩০ যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
περὶ τῶν ἁμαρτιῶν Ιεροβοαμ ὡς ἐξήμαρτεν τὸν Ισραηλ καὶ ἐν τῷ παροργισμῷ αὐτοῦ ᾧ παρώργισεν τὸν κύριον θεὸν τοῦ Ισραηλ
31 ৩১ নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
καὶ τὰ λοιπὰ τῶν λόγων Ναδαβ καὶ πάντα ἃ ἐποίησεν οὐκ ἰδοὺ ταῦτα γεγραμμένα ἐστὶν ἐν βιβλίῳ λόγων τῶν ἡμερῶν τοῖς βασιλεῦσιν Ισραηλ
32 ৩২ আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
33 ৩৩ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
καὶ ἐν τῷ ἔτει τῷ τρίτῳ τοῦ Ασα βασιλέως Ιουδα βασιλεύει Βαασα υἱὸς Αχια ἐπὶ Ισραηλ ἐν Θερσα εἴκοσι καὶ τέσσαρα ἔτη
34 ৩৪ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।
καὶ ἐποίησεν τὸ πονηρὸν ἐνώπιον κυρίου καὶ ἐπορεύθη ἐν ὁδῷ Ιεροβοαμ υἱοῦ Ναβατ καὶ ἐν ταῖς ἁμαρτίαις αὐτοῦ ὡς ἐξήμαρτεν τὸν Ισραηλ

< ১ রাজাবলি 15 >