< ১ থিচলনীকীয়া 5 >

1 হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;
To,’yan’uwa, game da lokuta da ranaku, ba ma bukata mu rubuta muku,
2 কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।
gama kun sani sarai cewa ranar Ubangiji za tă zo kamar ɓarawo da dare.
3 যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
Yayinda mutane suke cewa, “Akwai salama da zaman lafiya,” hallaka za tă auko musu farat ɗaya, kamar yadda naƙuda take kama mace mai ciki, ba za su kuwa tsira ba.
4 কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
Amma ku,’yan’uwa, ba kwa cikin duhu da wannan rana za tă zo muku ba zato kamar ɓarawo.
5 কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
Dukanku’ya’yan haske ne da kuma’ya’yan rana. Mu ba mutanen dare ko na duhu ba ne.
6 এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
Saboda haka fa, kada mu zama kamar saura, waɗanda suke barci, sai dai mu zama masu tsaro da masu kamunkai.
7 কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
Gama masu barci, da dad dare suke barci, masu sha su bugu kuwa, da dad dare suke buguwa.
8 কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
Amma da yake mu na rana ne, bari mu zama masu kamunkai, sanye da bangaskiya da ƙauna kamar sulke, begen cetonmu kuma kamar hular kwano.
9 কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
Gama Allah bai naɗa mu don mu sha fushi ba, sai dai mu sami ceto ta wurin Ubangijinmu Yesu Kiristi.
10 ১০ আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
Ya mutu saboda mu domin, ko muna a faɗake ko muna barci, mu kasance tare da shi.
11 ১১ এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
Saboda haka ku ƙarfafa juna ku kuma gina juna, kamar dai yadda kuke yi.
12 ১২ ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
To, muna roƙonku,’yan’uwa, ku girmama waɗanda suke aiki sosai a cikinku, waɗanda suke bisanku cikin Ubangiji da kuma waɗanda suke yin muku gargaɗi.
13 ১৩ আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।
Ku riƙe su da mutunci sosai cikin ƙauna saboda aikinsu. Ku yi zaman lafiya da juna.
14 ১৪ ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Muna kuma gargaɗe ku,’yan’uwa, ku gargaɗe waɗanda suke zaman banza, ku ƙarfafa masu raunanar zuciya, ku taimaki marasa ƙarfi, ku yi haƙuri da kowa.
15 ১৫ সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
Ku tabbata cewa kada kowa yă rama mugunta da mugunta, sai dai kullum ku yi ƙoƙarin yin wa juna alheri da kuma dukan mutane.
16 ১৬ সকলো সময়তে আনন্দত থাকক।
Ku riƙa farin ciki kullum;
17 ১৭ নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
ku ci gaba da yin addu’a;
18 ১৮ সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
ku yi godiya cikin kowane hali, gama wannan shi ne nufin Allah dominku cikin Kiristi Yesu.
19 ১৯ পবিত্ৰ আত্মাক নুনুমাব।
Kada ku danne aikin Ruhu.
20 ২০ ভাৱবাণী হেয়জ্ঞান নকৰিব।
Kada ku rena annabci,
21 ২১ সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
amma ku gwada kome, ku riƙe abin da yake mai kyau,
22 ২২ সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
ku ƙi kowace mugunta.
23 ২৩ শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
Bari Allah da kansa, Allah na salama, yă tsarkake ku sarai. Bari dukan ruhunku, ranku, da kuma jikinku su zama marar aibi a dawowar Ubangijinmu Yesu Kiristi.
24 ২৪ যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।
Wannan wanda ya kira ku mai aminci ne zai kuwa aikata.
25 ২৫ ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব।
’Yan’uwa, ku yi mana addu’a.
26 ২৬ সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব।
Ku gaggai da dukan’yan’uwa da sumba mai tsarki.
27 ২৭ মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
Na gama ku da Ubangiji ku sa a karanta wannan wasiƙa ga dukan’yan’uwa.
28 ২৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।
Alherin Ubangijinmu Yesu Kiristi yă kasance tare da ku.

< ১ থিচলনীকীয়া 5 >