< ২ বংশাবলি 36 >

1 পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
Landets folk tok og gjorde Joakas, Josias' sønn, til konge i hans fars sted i Jerusalem.
2 যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।
Joakas var tre og tyve år gammel da han blev konge, og han regjerte tre måneder i Jerusalem.
3 মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে।
Men kongen i Egypten avsatte ham, så han ikke lenger var konge i Jerusalem, og lot landet bøte hundre talenter sølv og en talent gull.
4 তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।
Så gjorde kongen i Egypten Neko hans bror Eljakim til konge over Juda og Jerusalem og forandret hans navn til Jojakim, men hans bror Joakas tok han med sig og førte ham til Egypten.
5 যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
Jojakim var fem og tyve år gammel da han blev konge, og han regjerte elleve år i Jerusalem. Han gjorde hvad ondt var i Herrens, hans Guds øine.
6 তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।
Kongen i Babel Nebukadnesar drog op mot ham og lot ham binde med to kobberlenker for å føre ham til Babel.
7 আৰু নবূখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
Nebukadnesar førte også en del av karene i Herrens hus til Babel og satte dem i sitt tempel i Babel.
8 চোৱা, যিহোয়াকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোয়াখীন তেওঁৰ পদত ৰজা হ’ল।
Hvad som ellers er å fortelle om Jojakim og om de vederstyggelige ting han gjorde sig skyldig i, og hvad ondt det ellers fantes hos ham, det er opskrevet i boken om Israels og Judas konger. Og hans sønn Jojakin blev konge i hans sted.
9 যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।
Jojakin var atten år gammel da han blev konge, og han regjerte tre måneder og ti dager i Jerusalem. Han gjorde hvad ondt var i Herrens øine.
10 ১০ পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
Ved årsskiftet sendte kong Nebukadnesar krigsfolk avsted og lot ham føre til Babel, og med ham de kostbare kar i Herrens hus, og han gjorde hans bror Sedekias til konge over Juda og Jerusalem.
11 ১১ চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।
Sedekias var en og tyve år gammel da han blev konge, og han regjerte elleve år i Jerusalem.
12 ১২ তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে।
Han gjorde hvad ondt var i Herrens, hans Guds øine; han ydmyket sig ikke for profeten Jeremias, hvis ord kom fra Herrens munn.
13 ১৩ আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
Han gjorde også oprør mot kong Nebukadnesar, som hadde latt ham sverge sig troskap ved Gud; han var hårdnakket og forherdet sitt hjerte, så han ikke vendte om til Herren, Israels Gud.
14 ১৪ বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Også alle prestenes og folkets høvdinger forsyndet sig storlig og fulgte alle hedningefolkenes vederstyggelige skikker, og de gjorde Herrens hus urent, det som han hadde helliget i Jerusalem.
15 ১৫ তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
Herren, deres fedres Gud, sendte sine ord til dem ved sine sendebud tidlig og sent; for han ynkedes over sitt folk og over sin bolig.
16 ১৬ কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
Men de spottet Guds sendebud og foraktet hans ord og hånte hans profeter, inntil Herrens vrede mot sitt folk blev så sterk at det ikke lenger var nogen lægedom.
17 ১৭ এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
Da lot han kaldeernes konge dra op mot dem, og han drepte deres unge menn med sverdet i deres hellige hus og sparte hverken unggutter eller jomfruer eller gamle og gråhårede - alle gav han i hans hånd.
18 ১৮ আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
Alle karene i Guds hus, både store og små, og skattene i Herrens hus og kongens og hans høvdingers skatter - alt førte han til Babel.
19 ১৯ আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
De brente op Guds hus og rev ned Jerusalems mur; alle dets palasser brente de op med ild, og alle dets kostbare kar blev ødelagt.
20 ২০ আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷
Dem som sverdet hadde levnet, førte han som fanger til Babel, og de blev hans og hans sønners træler, til perserriket fikk makten,
21 ২১ যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।
forat Herrens ord i Jeremias' munn skulde bli opfylt - til landet hadde gjort fyldest for sine sabbatsår; alle de dager det lå øde, hadde det hvile - til sytti år var gått til ende.
22 ২২ পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে,
Så var det i perserkongen Kyros' første år; da vakte Herren, forat hans ord i Jeremias' munn skulde opfylles, slike tanker i perserkongen Kyros' ånd at han lot utrope i hele sitt rike og dessuten kunngjøre ved en skrivelse:
23 ২৩ “পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”
Så sier Kyros, kongen i Persia: Herren, himmelens Gud, har gitt mig alle jordens riker, og han har pålagt mig å bygge ham et hus i Jerusalem i Juda. Er det nogen blandt eder av alt hans folk, så være Herren hans Gud med ham, og han kan dra dit!

< ২ বংশাবলি 36 >