< ২ কৰিন্থীয়া 5 >

1 কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। (aiōnios g166)
For we know, if our earthly house of this habitation be dissolved, that we have a building of God, a house not made with hands, eternal in heaven. (aiōnios g166)
2 কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ।
For in this also we groan, desiring to be clothed upon with our habitation that is from heaven.
3 বাস্তৱিকতে তাৰে ঢকা হ’লে, আমি উলঙ্গ হৈ নপৰিম।
Yet so that we be found clothed, not naked.
4 আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি, ভাৰগ্ৰস্তহৈহে কেঁকাই আছোঁ; কাৰণ আমি বিবস্ত্ৰ হ’বলৈ ইচ্ছা নকৰোঁ; কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্ত্যক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হ’বলৈহে ইচ্ছা কৰোঁ।
For we also, who are in this tabernacle, do groan, being burthened; because we would not be unclothed, but clothed upon, that that which is mortal may be swallowed up by life.
5 ইয়াৰ বাবে যি জনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ; আৰু তেৱেঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে।
Now he that maketh us for this very thing, is God, who hath given us the pledge of the Spirit.
6 এতেকে সদায় দৃঢ় বিশ্বাসী হোৱা কাৰণে জানিব যে, এই শৰীৰত নিবাস কৰালৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ;
Therefore having always confidence, knowing that, while we are in the body, we are absent from the Lord.
7 (কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ; )
(For we walk by faith, and not by sight.)
8 এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।
But we are confident, and have a good will to be absent rather from the body, and to be present with the Lord.
9 এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছোঁ।
And therefore we labour, whether absent or present, to please him.
10 ১০ কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।
For we must all be manifested before the judgement seat of Christ, that every one may receive the proper things of the body, according as he hath done, whether it be good or evil.
11 ১১ এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
Knowing therefore the fear of the Lord, we use persuasion to men; but to God we are manifest. And I trust also that in your consciences we are manifest.
12 ১২ আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ।
We commend not ourselves again to you, but give you occasion to glory in our behalf; that you may have somewhat to answer them who glory in face, and not in heart.
13 ১৩ কিয়নো আমি যদি হতবুদ্ধি হৈছোঁ, তেনেহলে ঈশ্বৰৰ কাৰণেহে হৈছোঁ।
For whether we be transported in mind, it is to God; or whether we be sober, it is for you.
14 ১৪ কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
For the charity of Christ presseth us: judging this, that if one died for all, then all were dead.
15 ১৫ আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে।
And Christ died for all; that they also who live, may not now live to themselves, but unto him who died for them, and rose again.
16 ১৬ এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।
Wherefore henceforth, we know no man according to the flesh. And if we have known Christ according to the flesh; but now we know him so no longer.
17 ১৭ এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
If then any be in Christ a new creature, the old things are passed away, behold all things are made new.
18 ১৮ কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়।
But all things are of God, who hath reconciled us to himself by Christ; and hath given to us the ministry of reconciliation.
19 ১৯ সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
For God indeed was in Christ, reconciling the world to himself, not imputing to them their sins; and he hath placed in us the word of reconciliation.
20 ২০ এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
For Christ therefore we are ambassadors, God as it were exhorting by us. For Christ, we beseech you, be reconciled to God.
21 ২১ তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।
Him, who knew no sin, he hath made sin for us, that we might be made the justice of God in him.

< ২ কৰিন্থীয়া 5 >