< ২ রাজাবলি 15 >

1 ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল।
In the twenty-seventh year of Jeroboam king of Israel, Azariah son of Amaziah, king of Judah, began to reign.
2 তেওঁ ষোল্ল বছৰ বয়সত ৰজা হৈ যিৰূচালেমত বাৱন্ন বছৰ ধৰি ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিখলিয়া। তেওঁ যিৰূচালেমৰ বাসিন্দা আছিল।
He was sixteen years old when he began to reign; and he reigned fifty-two years in Jerusalem; and his mother's name was Jecholiah of Jerusalem.
3 পিতৃ অমচিয়াৰ নিদর্শনেৰে তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
And he did what was right in the sight of Jehovah, according to all that his father Amaziah had done.
4 কিন্তু, তেওঁ ওখ ঠাইৰ মঠবোৰ হ’লে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল।
Only, the high places were not removed: the people still sacrificed and burned incense on the high places.
5 পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
And Jehovah smote the king, so that he was a leper to the day of his death, and dwelt in a separate house. And Jotham the king's son was over the house, judging the people of the land.
6 উজ্জিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বর্ণনা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
And the rest of the acts of Azariah, and all that he did, are they not written in the book of the chronicles of the kings of Judah?
7 পাছত উজ্জিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষৰে সৈতে তেওঁক মৈদাম দিয়া হ’ল। তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
And Azariah slept with his fathers, and they buried him with his fathers in the city of David; and Jotham his son reigned in his stead.
8 যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত যাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ ছমাহ ৰাজত্ব কৰিলে।
In the thirty-eighth year of Azariah king of Judah, Zechariah the son of Jeroboam reigned over Israel in Samaria, six months.
9 তেওঁ তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া কার্য, তাকেই কৰিলে। নবাটৰ পুতেক যাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
And he did evil in the sight of Jehovah, according as his fathers had done: he departed not from the sins of Jeroboam the son of Nebat, who made Israel to sin.
10 ১০ পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।
And Shallum the son of Jabesh conspired against him, and smote him before the people, and slew him, and reigned in his stead.
11 ১১ জখৰিয়াৰ অন্যান্য বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
And the rest of the acts of Zechariah, behold, they are written in the book of the chronicles of the kings of Israel.
12 ১২ যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
This was the word of Jehovah which he spoke to Jehu saying, Thy sons shall sit upon the throne of Israel unto the fourth [generation]. And so it came to pass.
13 ১৩ যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে।
Shallum the son of Jabesh began to reign in the thirty-ninth year of Uzziah king of Judah; and he reigned a full month in Samaria.
14 ১৪ পাছত গাদীৰ পুত্ৰ মনহেমে তিৰ্চাৰ পৰা চমৰিয়ালৈ গৈ যাবেচৰ পুত্ৰ চল্লুমক আক্রমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
And Menahem the son of Gadi went up from Tirzah, and came to Samaria, and smote Shallum the son of Jabesh in Samaria, and slew him, and reigned in his stead.
15 ১৫ চল্লুমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁৰ ষড়যন্ত্রৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
And the rest of the acts of Shallum, and his conspiracy which he made, behold, they are written in the book of the chronicles of the kings of Israel.
16 ১৬ পাছত মনহেমে টিপহচ নগৰ আৰু তাত থকা সকলো অধিবাসীৰ লগতে তিৰ্চাৰ চাৰিওকাষৰ সীমাবোৰ আক্রমণ কৰিলে; কাৰণ তেওঁলোকে তেওঁলৈ নগৰৰ দুৱাৰ খুলি দিয়া নাছিল। সেইবাবেই তেওঁ টিপহচ আক্রমণ কৰিছিল আৰু নগৰৰ সকলো গর্ভৱতী মহিলাৰ পেট ফালি দিছিল।
Then Menahem smote Tiphsah, and all that were therein, and its territory from Tirzah, because they did not open [to him]; and he smote [it]: all the women in it that were with child he ripped up.
17 ১৭ যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত গাদীৰ পুত্ৰ মনহেম ইস্রায়েলৰ ৰজা হ’ল। তেওঁ চমৰিয়াত দহ বছৰ ৰাজত্ব কৰিছিল।
In the thirty-ninth year of Azariah king of Judah, Menahem the son of Gadi began to reign over Israel, for ten years, in Samaria.
18 ১৮ যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
And he did evil in the sight of Jehovah: he departed not, all his days, from the sins of Jeroboam the son of Nebat, who made Israel to sin.
19 ১৯ তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।
Pul the king of Assyria came against the land; and Menahem gave Pul a thousand talents of silver, that his hand might be with him to establish the kingdom in his hand.
20 ২০ মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।
And Menahem exacted the money of Israel, of all those who were wealthy, of each man fifty shekels of silver, to give to the king of Assyria. And the king of Assyria turned back, and stayed not there in the land.
21 ২১ মনহেমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
And the rest of the acts of Menahem, and all that he did, are they not written in the book of the chronicles of the kings of Israel?
22 ২২ পাছত মনহেম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ পকহিয়া তেওঁৰ পদত ৰজা হ’ল।
And Menahem slept with his fathers; and Pekahiah his son reigned in his stead.
23 ২৩ যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ পঞ্চাশ বছৰত মনহেমৰ পুত্ৰ পকহিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে।
In the fiftieth year of Azariah king of Judah, Pekahiah the son of Menahem began to reign over Israel in Samaria, for two years.
24 ২৪ যিহোৱাৰ দৃষ্টিত যি বেয়া, পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল।
And he did evil in the sight of Jehovah: he departed not from the sins of Jeroboam the son of Nebat, who made Israel to sin.
25 ২৫ পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
And Pekah the son of Remaliah, his captain, conspired against him, and smote him in Samaria, in the fortress of the king's house, with Argob and Arieh, and with him fifty men of the Gileadites; and he slew him, and reigned in his stead.
26 ২৬ পকহিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
And the rest of the acts of Pekahiah, and all that he did, behold, they are written in the book of the chronicles of the kings of Israel.
27 ২৭ যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল।
In the fifty-second year of Azariah king of Judah, Pekah the son of Remaliah began to reign over Israel in Samaria, for twenty years.
28 ২৮ যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, পেকহ সেই সকলো পাপ কার্যৰ পৰা আঁতৰ হোৱা নাছিল।
And he did evil in the sight of Jehovah: he departed not from the sins of Jeroboam the son of Nebat, who made Israel to sin.
29 ২৯ ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
In the days of Pekah king of Israel, Tiglath-Pileser king of Assyria came and took Ijon, and Abel-Beth-Maachah, and Janoah, and Kedesh, and Hazor, and Gilead, and Galilee, all the land of Naphtali, and carried them captive to Assyria.
30 ৩০ পাছত উজ্জিয়াৰ পুত্ৰ যোথমৰ ৰাজত্বৰ বিশ বছৰত এলাৰ পুত্ৰ হোচেয়াই ৰমলিয়াৰ পুত্ৰ পেকহৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁক বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
And Hoshea the son of Elah made a conspiracy against Pekah the son of Remaliah, and smote him and slew him; and he reigned in his stead, in the twentieth year of Jotham the son of Uzziah.
31 ৩১ পেকহৰ আন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাবিলাকৰ ইতিহাস” পুস্তকখনত লিখা আছে।
And the rest of the acts of Pekah, and all that he did, behold, they are written in the book of the chronicles of the kings of Israel.
32 ৩২ ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।
In the second year of Pekah the son of Remaliah, king of Israel, Jotham the son of Uzziah, king of Judah, began to reign.
33 ৩৩ তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিৰূচা। তেওঁ চাদোকৰ জীয়েক আছিল।
He was twenty-five years old when he began to reign; and he reigned sixteen years in Jerusalem; and his mother's name was Jerusha, the daughter of Zadok.
34 ৩৪ তেওঁৰ পিতৃ উজ্জিয়াৰ নিদর্শনত চলি যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোথমে তাকে কৰিছিল।
And he did what was right in the sight of Jehovah: he did according to all that his father Uzziah had done.
35 ৩৫ কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। যোথমে যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্ম্মাণ কৰিলে।
Only, the high places were not removed: the people still sacrificed and burned incense on the high places. It was he who built the upper gate of the house of Jehovah.
36 ৩৬ যোথমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
And the rest of the acts of Jotham, and all that he did, are they not written in the book of the chronicles of the kings of Judah?
37 ৩৭ সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।
In those days Jehovah began to send against Judah Rezin the king of Syria, and Pekah the son of Remaliah.
38 ৩৮ পাছত যোথম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল। তেওঁক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল আৰু তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ’ল।
And Jotham slept with his fathers, and was buried with his fathers in the city of David his father; and Ahaz his son reigned in his stead.

< ২ রাজাবলি 15 >