< ২ সামুয়েল 14 >

1 পাছত চৰূয়াৰ পুত্ৰ যোৱাবে ৰজাৰ মন অবচালোমৰ প্ৰতি থকা বুজি,
Yowabu mwana wa Zeruya anadziwa kuti maganizo a mfumu ali pa Abisalomu.
2 তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷
Kotero Yowabu anatuma munthu wina kupita ku Tekowa ndi kukatengako mkazi wanzeru. Yowabu anati kwa mkaziyo, “Ukhale ngati namfedwa. Uvale zovala zaumasiye ndipo usadzole mafuta ena aliwonse. Ukhale ngati mkazi amene wakhala akulira masiku ambiri.
3 তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
Kenaka upite kwa mfumu ndipo ukayankhule mawu awa.” Ndipo Yowabu anamuwuza mawu oti akanene.
4 পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
Mkazi wochokera ku Tekowa uja atapita kwa mfumu anadzigwetsa pansi, napereka ulemu kwa mfumu nati, “Thandizeni mfumu!”
5 ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।
Mfumu inamufunsa kuti, “Kodi chikukusautsa iwe nʼchiyani?” Iye anayankha kuti, “Ine ndine mkazi wamasiye, mwamuna wanga anamwalira.
6 আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
Ine wantchito wanu ndinali ndi ana aamuna awiri. Iwo anayamba kumenyana mʼmunda, ndipo panalibe woti awaleretse. Wina anakantha mnzakeyo mpaka kumupha.
7 এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”
Tsono banja lonse landiwukira ine, wantchito wanu. Iwo akuti, ‘Utipatse mwana amene anakantha mʼbale wakeyo kuti timuphe chifukwa cha moyo wa mʼbale wake amene anaphedwayo. Ife tidzaphanso mlowamʼmalo.’ Anthuwo adzapha mwana wanga amene wanditsalira, ndipo dzina la mwamuna wanga silidzakumbukika pakuti sipadzakhalanso mwana pa banja lathu.”
8 তেতিয়া ৰজাই সেই মহিলাক ক’লে, “তুমি তোমাৰ ঘৰলৈ যোৱা, মই বাৰু কি কৰিব পাৰোঁ, তোমাৰ কাৰণে এই বিষয়ে আজ্ঞা দিম।”
Mfumu inati kwa mkaziyo, “Pitani ku nyumba kwanu ndipo ine ndidzalamula mʼmalo mwanu.”
9 পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
Koma mkazi wochokera ku Tekowayo anati kwa mfumu, “Mbuye wanga mfumu, kulakwa kukhale pa ine ndi banja la abambo anga ndipo mfumu ndi mpando wanu waufumu mukhale osalakwa.”
10 ১০ তেতিয়া ৰজাই ক’লে, “কোনোৱে যদি তোমাক কিবা কয়, তেন্তে তাক মোৰ আগলৈ আনিবা, তাতে সি আৰু তোমাক নুচুব।”
Mfumu inayankha kuti, “Ngati wina aliyense anene kanthu kwa iwe, umubweretse kwa ine, ndipo sadzakuvutitsanso.”
11 ১১ তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”
Mkaziyo anati, “Mfumu ipemphe kwa Yehova Mulungu wake kuti aletse wobwezera imfa asaphenso wina kuti mwana wanga asawonongedwe.” Mfumu inati, “Pali Yehova wamoyo ngakhale tsitsi limodzi la pamutu pa mwana wako silidzathotholedwa.”
12 ১২ তেতিয়া সেই মই ক’লে, “মই বিনয় কৰোঁ, আপোনাৰ বেটীক মোৰ প্ৰভু মহাৰাজৰ আগত এটি কথা ক’বলৈ দিয়ক।” তাতে ৰজাই ক’লে, “কোৱা।”
Kenaka mkaziyo anati, “Lolani kuti wantchito wanu ayankhule mawu kwa inu mbuye wanga mfumu.” Iye anayankha kuti, “Yankhula.”
13 ১৩ পাছে সেই মহিলাই ক’লে, “ঈশ্বৰৰ প্ৰজাৰ বিৰুদ্ধে আপুনি কিয় তেনে কল্পনা কৰিছে? সেই কথা কোৱাতে মহাৰাজ দোষী লোক যেন হৈছে, কাৰণ মহাৰাজে খেদি দিয়া পুত্ৰক ওভোটাই আনিব নোখোজে।
Mkaziyo anati, “Nʼchiyani tsono chimene mwaganiza kuchitira zimenezi anthu a Mulungu? Pamene mfumu yanena izi, kodi sikudzitsutsa yokha, pakuti mfumu sinayitanitse mwana amene anamupirikitsa?
14 ১৪ কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
Koma poti madzi akatayika sawoleka, ndiye tonsefe tiyenera kufa ndithu. Koma Mulungu safuna kuti moyo wa munthu utayike kotero anakonza njira yakuti wopirikitsidwayo asakhale wotayikiratu.
15 ১৫ এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।
“Tsopano ine ndabwera kudzanena izi kwa inu mbuye wanga mfumu chifukwa anthu andichititsa mantha. Mdzakazi wanu anaganiza kuti, ‘Ndikayankhula kwa mfumu, mwina adzachita zimene mdzakazi wake adzamupempha.
16 ১৬ কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’
Mwina mfumu idzavomereza kupulumutsa mdzakazi wake mʼdzanja la munthu amene akufuna kupha ine pamodzi ndi mwana wanga kutichotsa pa cholowa chimene Mulungu anatipatsa.’
17 ১৭ তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”
“Ndipo tsopano mtumiki wanu akuti, ‘Lolani mawu a mbuye wanga mfumu abweretse mpumulo kwa ine, pakuti mbuye wanga mfumu ali ngati mngelo wa Mulungu pozindikira chabwino ndi choyipa. Yehova Mulungu wanu akhale nanu.’”
18 ১৮ তেতিয়া ৰজাই উত্তৰ দি সেই মহিলা গৰাকীক ক’লে, “মই বিনয় কৰোঁ, তোমাক মই যি সোধো, সেই বিষয়ে যেন একোকে মোৰ পৰা গুপুতে নাৰাখা।” তাতে তাই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এতিয়া কওঁক।”
Kenaka mfumu inati kwa mkaziyo, “Usandibisire chilichonse pondiyankha chimene ndidzakufunsa.” Mkaziyo anati, “Mbuye wanga mfumu yankhulani.”
19 ১৯ ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
Mfumu inafunsa kuti, “Kodi zimenezi sukuchita motsogozedwa ndi Yowabu?” Mkaziyo anayankha kuti, “Pali inu wamoyo, mbuye wanga mfumu, palibe munthu angakhotere kumanja kapena kumanzere pa chilichonse chimene mbuye wanga mfumu mwanena. Inde, ndi mtumiki wanu Yowabu amene wandilangiza ine kuchita zimenezi ndipo ndi amene anandipatsa mawu onsewa woti ine mtumiki wanu ndiyankhule.
20 ২০ যি যি ঘটি আছে তাৰ পৰিৱৰ্ত্তন কৰিবলৈহে আপোনাৰ দাস যোৱাবে এই কাৰ্য কৰিলে৷ পৃথিৱীত থকা সকলো বিষয় জানিবলৈ, মোৰ প্ৰভু, আপুনি ঈশ্বৰৰ দূতৰ নিচিনা জ্ঞানী।”
Mtumiki wanu Yowabu anachita zimenezi kuti asinthe mmene zinthu zilili lero. Mbuye wanga muli ndi nzeru ngati za mngelo wa Mulungu. Mumadziwa zonse zimene zikuchitika mʼdziko.”
21 ২১ তাৰ পাছত ৰজাই যোৱাবক ক’লে, “এতিয়া চোৱা, মই এনে কৰ্ম কৰিম৷ এই হেতুকে যোৱা, সেই ডেকা অবচালোমক পুনৰায় আনাগৈ।”
Mfumu inati kwa Yowabu, “Chabwino, ine ndichita zimenezi. Pita kamutenge Abisalomuyo.”
22 ২২ তাতে যোৱাবে মাটিত উবুৰি হৈ ৰজাক প্ৰণিপাত কৰিলে আৰু তেওঁক ধন্যবাদ জনালে৷ তেওঁ ৰজাক ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি আপোনাৰ দাসৰ নিবেদন অনুসাৰে যে কাৰ্য কৰিলে আৰু মই যে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, সেই বিষয়ে আজি আপোনাৰ এই দাসে জানিলে।”
Yowabu anawerama pansi kupereka ulemu kwa mfumu. Yowabuyo anati, “Lero mtumiki wanu wadziwa kuti wapeza chifundo pamaso panu, mbuye wanga mfumu, chifukwa mwavomera pempho lakeli.”
23 ২৩ তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।
Choncho Yowabu anapita ku Gesuri ndipo anamubweretsa Abisalomu ku Yerusalemu.
24 ২৪ তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
Koma mfumu inati, “Iye apite ku nyumba yake; asaone nkhope yanga.” Kotero Abisalomu anapita ku nyumba yake ndipo sanakumane ndi mfumu.
25 ২৫ সেই সময়ত গোটেই ইস্ৰায়েলৰ মাজত অবচালোমতকৈ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় তেনে কোনো পুৰুষ নাছিল৷ তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘূণ নাছিল।
Mʼdziko lonse la Israeli munalibe munthu amene anayamikidwa chifukwa cha maonekedwe ake wokongola ngati Abisalomu. Kuyambira kumutu mpaka ku mapazi ake, analibe chilema.
26 ২৬ যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।
Nthawi ina iliyonse akamameta tsitsi lake, ankameta pamene layamba kumulemera. Akatero amaliyeza, ndipo limalemera makilogalamu awiri pa sikelo yaufumu.
27 ২৭ অবচালোমৰ তিনটা পুত্ৰ আৰু তামাৰ নামেৰে এজনী জীয়েক জন্মে৷ সেই ছোৱালীজনী বৰ শুৱনী আছিল।
Abisalomu anali ndi ana aamuna atatu ndi wamkazi mmodzi. Mwana wamkazi dzina lake linali Tamara, ndipo anali mkazi wokongola kwambiri.
28 ২৮ পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে৷
Abisalomu anakhala zaka ziwiri mu Yerusalemu osaonekera kwa mfumu.
29 ২৯ তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷
Kenaka Abisalomu anatumiza mawu kwa Yowabu, kumutuma kuti apite kwa mfumu, koma Yowabu anakana kubwera. Kotero anatumizanso mawu kachiwiri, koma Yowabu anakananso.
30 ৩০ তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।
Tsono Abisalomu anati kwa antchito ake, “Taonani, munda wa Yowabu uli pafupi ndi wanga ndipo muli barele mʼmenemo. Pitani mukawutenthe mundawo.” Ndipo antchito a Abisalomu anawutentha mundawo.
31 ৩১ তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”
Ndipo Yowabu anapita ku nyumba ya Abisalomu ndipo anati kwa iye, “Nʼchifukwa chiyani antchito ako atentha munda wanga?”
32 ৩২ তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷”’”
Abisalomu anati kwa Yowabu, “Taona, ine ndinatumiza mawu kwa iwe ndipo ndinati, ‘Bwera kuno kuti ndikutume kwa mfumu kukafunsa kuti, ‘Nʼchifukwa chiyani ine ndinabwera kuchokera ku Gesuri? Zikanakhala bwino ndikanakhala komweko!’ Tsono pano ndikufuna kuonana ndi mfumu, ndipo ngati ndili olakwa mfumuyo indiphe.’”
33 ৩৩ তেতিয়া যোৱাবে ৰজাৰ আগলৈ গৈ তেওঁক সেই কথা জনালে৷ যেতিয়া ৰজাই অবচালোমক মতাই আনিলে, তেতিয়া তেওঁ ৰজাৰ আগলৈ গৈ তললৈ মাটিত মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে আৰু তেতিয়া ৰজাই অবচালোমক চুমা খালে।
Choncho Yowabu anapita kwa mfumu ndipo anayiwuza zimenezi. Ndipo mfumu inamuyitanitsa Abisalomu, ndipo analowa nawerama kugunditsa nkhope yake pansi pamaso pa mfumu. Tsono mfumu inapsompsona Abisalomu.

< ২ সামুয়েল 14 >