< পাঁচনি 15 >

1 যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”
ואנשים ירדו מיהודה וילמדו את האחים לאמר אם לא תמולו כדת משה לא תושעון׃
2 পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
ויהי על זאת ריב ומחלקת לא קלה לפולוס ולבר נבא עמהם ויגזרו כי פולוס ובר נבא ואחרים מהם יעלו ירושלים אל השליחים והזקנים על אדות השאלה הזאת׃
3 এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে
ותלוה אתם הקהלה ויעברו את פינוקיא ואת שמרון מספרים את תשובת הגוים וישמחו את כל האחים שמחה גדולה׃
4 পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
ויהי כבאם ירושלים ויקבלו אתם הקהלה והשליחים והזקנים ויגידו להם את אשר הגדיל האלהים לעשות עמהם׃
5 কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
ויקומו אנשים מאמינים מכת הפרושים ויאמרו כי חובה היא למול אתם ולצותם לשמר את תורת משה׃
6 পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
ויקהלו השליחים והזקנים לעין בדבר הזה׃
7 বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
ויהי ברבות המחלקת קם פטרוס ויאמר אליהם אנשים אחים אתם ידעתם כי מימים ראשים בי בחר האלהים מכלנו אשר ישמעו הגוים מפי את דבר הבשורה ויאמינו׃
8 ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
והאלהים ידע הלבבות העיד עליהם בתתו גם להם את רוח הקדש כאשר נתן לנו׃
9 আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
ולא הבדיל בינינו וביניהם כי טהר את לבבם על ידי האמונה׃
10 ১০ গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?
ועתה מה תנסו את האלהים לשום על על צוארי התלמידים אשר גם אבותינו גם אנחנו לא יכלנו לשאת׃
11 ১১ কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।”
אבל בחסד ישוע המשיח אדנינו נאמין להושע כמוהם כמונו׃
12 ১২ তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
ויחרישו כל הקהל וישמעו אל בר נבא ואל פולוס מספרים את האתות והמופתים אשר הרבה האלהים לעשות על ידיהם בקרב הגוים׃
13 ১৩ তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।
ויכלו לדבר ויען יעקב ויאמר אנשים אחים שמעו אלי׃
14 ১৪ চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
שמעון ספר איך האלהים ראה לו בראשונה לקחת מבין הגוים עם לשמו׃
15 ১৫ এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:
ולזאת מסכימים דברי הנביאים ככתוב׃
16 ১৬ এইবোৰৰ পাছত মই উলটি আহিম, দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম,
אחרי זאת אשוב ואקים את סכת דויד הנפלת והרסותיה אקים ובניתיה׃
17 ১৭ যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
למען ידרשו שארית אדם את יהוה וכל הגוים אשר נקרא שמי עליהם נאם יהוה עשה כל אלה׃
18 ১৮ যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।” (aiōn g165)
נודעים לאלהים מעולם כל מעשיו׃ (aiōn g165)
19 ১৯ এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
ועל כן אני דן שלא להחמיר על השבים מן הגוים לאלהים׃
20 ২০ বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
רק לכתב אליהם אשר ירחקו מטמאת האלילים ומן הזנות ומבשר הנחנק ומן הדם׃
21 ২১ কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
כי משה מדרת עולם יש לו מגידיו בכל עיר ועיר ויקרא בבתי הכנסיות מדי שבת בשבתו׃
22 ২২ তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
וייטב בעיני השליחים והזקנים עם כל הקהל לבחר מהם אנשים ולשלח אתם אל אנטיוכיא עם פולוס ובר נבא את יהודה המכנה בר שבא ואת סילא אנשי שם בין האחים׃
23 ২৩ তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
ויכתבו וישלחו על ידם לאמר אנחנו השליחים והזקנים והאחים שאלים לשלום האחים אשר מן הגוים באנטיוכיא ובסוריא ובקיליקיא׃
24 ২৪ আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
יען וביען שמענו כי יצאו מאתנו מבלבלים אתכם ומקלקלים נפשתיכם בדברים באמרם לכם להמול ולשמר את התורה אשר לא צוינו אותם׃
25 ২৫ সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
לכן טוב בעיני כלנו יחדו לבחר אנשים לשלחם אליכם עם חביבינו בר נבא ופולוס׃
26 ২৬ পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
אנשים אשר מסרו נפשם על שם אדנינו ישוע המשיח׃
27 ২৭ এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
על כן שלחנו את יהודה ואת סילא אשר גם המה יגידו זאת בפיהם׃
28 ২৮ কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
כי טוב לפני רוח הקדש ולפנינו לבלתי שום עליכם משא אחר לבד מאלה הדברים הצריכים׃
29 ২৯ আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
אשר תרחקו מזבחי אלילים ומן הדם ומבשר הנחנק ומן הזנות אם מאלה תשמרו את נפשתיכם תיטיבו לעשות ושלום לכם׃
30 ৩০ পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
וישלחו האנשים ויבאו אל אנטיוכיא ויקהילו את העם ויתנו להם את האגרת׃
31 ৩১ পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
ויקראו אתה וישמחו על הנחמה׃
32 ৩২ যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
ויהודה וסילא אשר גם הם נביאים נחמו האחים בדברים רבים ויחזקום׃
33 ৩৩ এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
ויהיו שם ימים אחדים וישלחום האחים בשלום אל השליחים׃
34 ৩৪
וייטב בעיני סילא לשבת שם׃
35 ৩৫ কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
ופולוס ובר נבא ישבו באנטיוכיא וילמדו ויבשרו את דבר יהוה המה וגם רבים אחרים עמם׃
36 ৩৬ কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
ויהי מקץ ימים ויאמר פולוס אל בר נבא לכה ונשובה ונפקדה את אחינו בכל עיר ועיר אשר קראנו שם את דבר יהוה ונראה מה המה׃
37 ৩৭ তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।
ובר נבא יעץ לקחת אתם את יוחנן המכנה מרקוס׃
38 ৩৮ কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
אך פולוס לא אבה לקחת אתם את האיש אשר סר מעליהם בפמפוליא ולא הלך אתם במלאכתם׃
39 ৩৯ তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
ויהי רגז עד אשר נפרדו איש מאחיו ויקח בר נבא את מרקוס ויסע באניה אל קפרוס׃
40 ৪০ কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
ופולוס בחר לו את סילא וימסרהו האחים אל חסד יהוה ויצא׃
41 ৪১ পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।
ויעבר בסוריא ובקיליקיא ויחזק את הקהלות׃

< পাঁচনি 15 >