< দ্বিতীয় বিবরণ 12 >

1 আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব।
Hæc sunt præcepta atque iudicia, quæ facere debetis in Terra, quam Dominus Deus patrum tuorum daturus est tibi, ut possideas eam cunctis diebus, quibus super humum gradieris.
2 আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব।
Subvertite omnia loca, in quibus coluerunt gentes, quas possessuri estis, deos suos super montes excelsos, et colles, et subter omne lignum frondosum.
3 তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব।
Dissipate aras eorum, et confringite statuas, lucos igne comburite, et idola comminuite: disperdite nomina eorum de locis illis.
4 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব।
Non facietis ita Domino Deo vestro:
5 কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।
sed ad locum, quem elegerit Dominus Deus vester de cunctis tribubus vestris, ut ponat nomen suum ibi, et habitet in eo, venietis:
6 আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।
et offeretis in loco illo holocausta et victimas vestras, decimas et primitias manuum vestrarum, et vota atque donaria, primogenita boum et ovium.
7 সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
Et comedetis ibi in conspectu Domini Dei vestri: ac lætabimini in cunctis, ad quæ miseritis manum vos et domus vestræ, in quibus benedixerit vobis Dominus Deus vester.
8 আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিব।
Non facietis ibi quæ nos hic facimus hodie, singuli quod sibi rectum videtur.
9 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।
Neque enim usque in præsens tempus venistis ad requiem, et possessionem, quam Dominus Deus vester daturus est vobis.
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ আপোনালোকক দিছে, আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ অাপোনালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্রাম দিব আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব।
Transibitis Iordanem, et habitabitis in Terra, quam Dominus Deus vester daturus est vobis, ut requiescatis a cunctis hostibus per circuitum: et absque ullo timore habitetis
11 ১১ তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
in loco, quem elegerit Dominus Deus vester, ut sit nomen eius in eo. Illuc omnia, quæ præcipio, conferetis, holocausta, et hostias, ac decimas, et primitias manuum vestrarum: et quidquid præcipuum est in muneribus, quæ vovebitis Domino.
12 ১২ সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
Ibi epulabimini coram Domino Deo vestro, vos et filii ac filiæ vestræ, famuli et famulæ atque Levites, qui in urbibus vestris commoratur. Neque enim habet aliam partem et possessionem inter vos.
13 ১৩ নিজৰ বিষয়ে সাৱধান হ’ব। যি কোনো স্থানতে আপোনালোকে হোম-বলি উৎসৰ্গ নকৰিব;
Cave ne offeras holocausta tua in omni loco, quem videris:
14 ১৪ কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।
sed in eo, quem elegerit Dominus, in una tribuum tuarum offeres hostias, et facies quæcumque præcipio tibi.
15 ১৫ তেতিয়াহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰি যি সকলো পশু দিব, সেইবোৰ আপোনালোকে আপোনালোকৰ দুৱাৰৰ ভিতৰত নগৰত মাৰি মাংস ভোজন কৰিব পাৰিব; যেনেকৈ আপোনালোকৰ শুচি আৰু অশুচি সকলো লোকেই কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খায়।
Sin autem comedere volueris, et te esus carnium delectaverit, occide, comede iuxta benedictionem Domini Dei tui, quam dedit tibi in urbibus tuis: sive immundum fuerit, hoc est, maculatum et debile: sive mundum, hoc est, integrum et sine macula, quod offerri licet, sicut capream et cervum, comedes,
16 ১৬ কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
absque esu dumtaxat sanguinis, quem super terram quasi aquam effundes.
17 ১৭ আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;
Non poteris comedere in oppidis tuis decimam frumenti, et vini, et olei tui, primogenita armentorum et pecorum, et omnia quæ voveris, et sponte offerre volueris, et primitias manuum tuarum:
18 ১৮ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।
sed coram Domino Deo tuo comedes ea in loco, quem elegerit Dominus Deus tuus, tu et filius tuus et filia tua, et servus et famula, atque Levites, qui manet in urbibus tuis: et lætaberis et reficieris coram Domino Deo tuo in cunctis, ad quæ extenderis manum tuam.
19 ১৯ শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়াসকলক ত্যাগ নকৰিব।
Cave ne derelinquas Levitem in omni tempore quo versaris in terra.
20 ২০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’ব, “মাংস খাম,” তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব।
Quando dilataverit Dominus Deus tuus terminos tuos, sicut locutus est tibi, et volueris vesci carnibus, quas desiderat anima tua:
21 ২১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব।
locus autem, quem elegerit Dominus Deus tuus ut sit nomen eius ibi, si procul fuerit, occides de armentis et pecoribus, quæ habueris, sicut præcepi tibi, et comedes in oppidis tuis, ut tibi placet.
22 ২২ কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই আপোনালোকে তাক খাব; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিব।
Sicut comeditur caprea et cervus, ita vesceris eis: et mundus et immundus in commune vescentur.
23 ২৩ কিন্তু সাৱধান! তেজ নাখাব; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব।
Hoc solum cave, ne sanguinem comedas. Sanguis enim eorum pro anima est: et idcirco non debes animam comedere cum carnibus:
24 ২৪ আপোনালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিব।
sed super terram fundes quasi aquam,
25 ২৫ আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।
ut bene sit tibi et filiis tuis post te, cum feceris quod placet in conspectu Domini.
26 ২৬ যিহোৱাই মনোনীত কৰা ঠাইত কেৱল আপোনালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব।
Quæ autem sanctificaveris, et voveris Domino, tolles, et venies ad locum, quem elegerit Dominus:
27 ২৭ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব।
et offeres oblationes tuas carnem et sanguinem super altare Domini Dei tui: sanguinem hostiarum fundes in altari: carnibus autem ipse vesceris.
28 ২৮ আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।
Observa et audi omnia quæ ego præcipio tibi, ut bene sit tibi et filiis tuis post te in sempiternum, cum feceris quod bonum est et placitum in conspectu Domini Dei tui.
29 ২৯ যি জাতি সমূহৰ আধিপত্য ল’বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব,
Quando disperdiderit Dominus Deus tuus ante faciem tuam gentes, ad quas ingredieris possidendas, et possederis eas, atque habitaveris in terra earum:
30 ৩০ তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।”
cave ne imiteris eas, postquam te fuerint introeunte subversæ, et requiras ceremonias earum, dicens: Sicut coluerunt gentes istæ deos suos, ita et ego colam.
31 ৩১ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
Non facies similiter Domino Deo tuo. Omnes enim abominationes, quas aversatur Dominus, fecerunt diis suis, offerentes filios et filias, et comburentes igni.
32 ৩২ মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
Quod præcipio tibi, hoc tantum facito Domino: nec addas quidquam, nec minuas.

< দ্বিতীয় বিবরণ 12 >