< এজেকিয়েল 13 >

1 পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
I doszło do mnie słowo PANA mówiące:
2 “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা!
Synu człowieczy, prorokuj przeciw prorokom Izraela, którzy prorokują, i mów do tych, którzy prorokują z własnego serca: Słuchajcie słowa PANA.
3 প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব!
Tak mówi Pan BÓG: Biada głupim prorokom, którzy idą za swoim duchem, choć nic nie widzieli!
4 হে ইস্ৰায়েল, তোমাৰ ভাববাদীসকল উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।
Izraelu, twoi prorocy są jak lisy na pustyniach.
5 যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই;
Nie wstąpiliście na wyłomy ani nie uzupełniliście muru wokół domu Izraela, aby mógł ostać się w bitwie w dzień PANA.
6 যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
Widzą ułudę i kłamliwe wróżby i mówią: PAN mówi, choć PAN ich nie posłał. I dają nadzieję [ludowi], że [ich] słowo się spełni.
7 তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
Czy nie mieliście złudnego widzenia i nie głosiliście kłamliwej wróżby? Mówicie bowiem: PAN mówi, chociaż ja nie mówiłem.
8 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে।
Dlatego tak mówi Pan BÓG: Ponieważ mówicie rzeczy złudne i widzicie kłamstwo, oto ja jestem przeciwko wam, mówi Pan BÓG.
9 “মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!
I moja ręka będzie przeciwko prorokom, którzy widzą rzeczy złudne i wróżą kłamstwo. Nie będą w zgromadzeniu mego ludu i w poczet domu Izraela nie będą wpisani, i do ziemi Izraela nie wejdą. A poznacie, że ja jestem Pan BÓG.
10 ১০ শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।
Dlatego, [właśnie] dlatego, że zwodzili mój lud, mówiąc: Pokój, choć nie było pokoju; jeden zbudował glinianą ścianę, a inni tynkowali ją słabym [tynkiem].
11 ১১ এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম।
Mów do tych, którzy ją tynkują słabym [tynkiem]: Zawali się. Przyjdzie ulewny deszcz, a wy, wielkie kule gradu, spadniecie, i gwałtowny wiatr [ją] zburzy.
12 ১২ চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”
A oto [gdy] ściana runie, czy nie powiedzą wam: Gdzie jest tynk, którym tynkowaliście?
13 ১৩ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব!
Dlatego tak mówi Pan BÓG: W mojej zapalczywości zburzę ją gwałtownym wiatrem; na skutek mojego gniewu przyjdzie ulewny deszcz i na skutek [mojego] oburzenia przyjdzie wielki grad, by [ją] zniszczyć.
14 ১৪ এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
I zburzę tę ścianę, którą tynkowaliście słabym [tynkiem], zrównam ją z ziemią tak, że jej fundamenty zostaną odsłonięte, i runie, a wy zginiecie pośród niej. I poznacie, że ja jestem PANEM.
15 ১৫ মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,
A [gdy] dopełnię mojego gniewu nad tą ścianą i nad tymi, którzy ją tynkowali słabym [tynkiem], powiem do was: Nie ma [już] tej ściany, nie ma tych, którzy ją tynkowali;
16 ১৬ অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’
[To jest] proroków Izraela, którzy prorokują o Jerozolimie i mają o niej widzenia pokoju, choć nie ma pokoju, mówi Pan BÓG.
17 ১৭ আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, তেওঁলোকৰ অহিতে তুমি মুখ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
Ale ty, synu człowieczy, zwróć swą twarz przeciwko córkom swego ludu, które prorokują z własnego serca, i prorokuj przeciwko nim;
18 ১৮ এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?
I mów: Tak mówi Pan BÓG: Biada [tym kobietom], które szyją poduszki pod wszystkie łokcie rąk mego [ludu] i robią nakrycia głowy [dla ludzi] każdego wzrostu, aby łowić dusze! Czy będziecie łowić dusze mego ludu, aby zachować dusze, które przybędą do was?
19 ১৯ মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
Bo bezcześcicie mnie wobec mego ludu dla garści jęczmienia i dla kęsa chleba, zabijając dusze, które nie powinny umrzeć, a oszczędzając dusze, które nie powinny żyć – gdy okłamujecie mój lud, który słucha kłamstwa.
20 ২০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।
Dlatego tak mówi Pan BÓG: Oto [wystąpię] przeciwko waszym poduszkom, którymi łowicie dusze, aby je zwieść. Zerwę je z waszych ramion i wypuszczę dusze, które łowicie, aby je zwieść.
21 ২১ মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
I rozerwę wasze nakrycia, i wybawię swój lud z waszej ręki, aby już nie był łupem w waszym ręku. I poznacie, że ja jestem PANEM.
22 ২২ মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
Ponieważ zasmucacie kłamstwem serce sprawiedliwego, chociaż ja go nie zasmuciłem, i wzmacniacie ręce bezbożnego, aby się nie odwrócił od swojej złej drogi, ożywiając go;
23 ২৩ তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”
Dlatego nie będziecie już mieć widzeń złudnych i nie będziecie prorokować [żadnej] wróżby. Wyrwę bowiem swój lud z waszej ręki i poznacie, że ja jestem PANEM.

< এজেকিয়েল 13 >