< আদিপুস্তক 11 >

1 সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল।
Lúc ấy, cả nhân loại đều nói một thứ tiếng.
2 পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
Khi đến phương đông, họ tìm thấy đồng bằng trong xứ Si-nê-a và định cư tại đó.
3 তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
Họ bảo nhau: “Chúng ta hãy làm gạch nung trong lửa, dùng nhựa làm hồ, và khởi công xây cất.”
4 তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
Họ lại nói rằng: “Chúng ta hãy xây một thành phố vĩ đại, có cái tháp cao tận trời, danh tiếng chúng ta sẽ tồn tại muôn đời. Như thế, chúng ta sẽ sống đoàn tụ khỏi bị tản lạc khắp mặt đất.”
5 আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
Chúa Hằng Hữu xuống xem thành phố và ngọn tháp loài người đang xây.
6 যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব।
Ngài nói: “Vì chỉ là một dân tộc, nói cùng một thứ tiếng, nên họ đã bắt đầu công việc này, chẳng có gì ngăn cản được những việc họ định làm.
7 গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
Chúng Ta hãy xuống và làm xáo trộn ngôn ngữ, để họ không hiểu lời nói của nhau.”
8 এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে।
Chúa Hằng Hữu làm họ tản lạc khắp mặt đất, không tiếp tục xây thành phố được.
9 এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
Vì thế, thành phố đó gọi là Ba-bên (nghĩa là xáo trộn), vì Chúa Hằng Hữu đã làm xáo trộn tiếng nói cả thế giới và phân tán loài người khắp mặt đất.
10 ১০ চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
Đây là dòng dõi Sem: Hai năm sau nước lụt, Sem được 100 tuổi, sinh A-bác-sát.
11 ১১ অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
Sau khi sinh A-bác-sát, Sem còn sống thêm 500 năm và sinh con trai con gái.
12 ১২ অৰ্ফকচদৰ পঁয়ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চেলহ জন্মিল;
A-bác-sát được 35 tuổi, sinh Sê-lách.
13 ১৩ চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
Sau khi sinh Sê-lách, A-bác-sát còn sống thêm 403 năm và sinh con trai con gái.
14 ১৪ চেলহৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র এবৰ জন্মিল;
Khi Sê-lách được 30 tuổi, ông sinh Hê-be.
15 ১৫ এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
Sau khi sinh Hê-be, Sê-lách còn sống thêm 403 năm và sinh con trai con gái.
16 ১৬ এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
Khi Hê-be được 34 tuổi, ông sinh Bê-léc.
17 ১৭ পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
Sau khi sinh Bê-léc, Hê-be còn sống thêm 430 năm và sinh con trai con gái.
18 ১৮ পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল।
Khi Bê-léc được 30 tuổi, ông sinh Rê-hu.
19 ১৯ ৰিয়ুৰ জন্মৰ পাছত পেলগ পুনৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
Sau khi sinh Rê-hu, Bê-léc còn sống thêm 209 năm và sinh con trai con gái.
20 ২০ ৰিয়ুৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চৰূগ জন্মিল।
Khi Rê-hu được 32 tuổi, ông sinh Sê-rúc.
21 ২১ চৰূগৰ জন্মৰ পাছত ৰিয়ু পুনৰ দুশ সাত বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
Sau khi sinh Sê-rúc, Rê-hu còn sống thêm 207 năm và sinh con trai con gái.
22 ২২ চৰূগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র নাহোৰ জন্মিল;
Khi Sê-rúc được 30 tuổi, ông sinh Na-cô.
23 ২৩ নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
Sau khi sinh Na-cô, Sê-rúc còn sống thêm 200 năm và sinh con trai con gái.
24 ২৪ নাহোৰৰ উনত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র তেৰহ জন্মিল;
Khi Na-cô được 29 tuổi, ông sinh Tha-rê.
25 ২৫ তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
Sau khi sinh Tha-rê, Na-cô còn sống thêm 119 năm và sinh con trai con gái.
26 ২৬ তেৰহৰ সত্তৰ বছৰ বয়সৰ পাছত তেওঁৰ পুত্র অব্ৰাম, নাহোৰ আৰু হাৰণ জন্মিল।
Khi Tha-rê được 70 tuổi, ông sinh Áp-ram, Na-cô, và Ha-ran.
27 ২৭ তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
Đây là dòng dõi Tha-rê: Tha-rê sinh Áp-ram, Na-cô, và Ha-ran. Ha-ran sinh Lót.
28 ২৮ পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।
Ha-ran mất sớm tại quê hương (xứ U-rơ của người Canh-đê), khi Tha-rê hãy còn sống.
29 ২৯ অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
Áp-ram và Na-cô cưới vợ. Vợ Áp-ram là Sa-rai; vợ Na-cô là Minh-ca, con gái Ha-ran. Em Minh-ca là Ích-ca.
30 ৩০ কিন্তু চাৰী বন্ধ্যা আছিল; তেওঁৰ কোনো সন্তান নাছিল।
Sa-rai son sẻ, không có con.
31 ৩১ তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
Tha-rê đem con trai là Áp-ram, con dâu Sa-rai (vợ của Áp-ram), và cháu nội là Lót (con trai Ha-ran) ra khỏi U-rơ của người Canh-đê, để đến xứ Ca-na-an. Khi đến xứ Ha-ran, họ định cư.
32 ৩২ দুশ পাঁচ বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ’ল।
Tha-rê thọ 205 tuổi và qua đời tại Ha-ran.

< আদিপুস্তক 11 >