< যাকোব 5 >

1 এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
Come now, you rich, weep and howl for your miseries that are coming on you.
2 আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
Your riches are corrupted and your garments are moth-eaten.
3 আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
Your gold and your silver are corroded, and their corrosion will be for a testimony against you and will eat your flesh like fire. You have laid up your treasure in the last days.
4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
Behold, the wages of the labourers who mowed your fields, which you have kept back by fraud, cry out; and the cries of those who reaped have entered into the ears of the Lord of Hosts.
5 আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
You have lived in luxury on the earth, and taken your pleasure. You have nourished your hearts as in a day of slaughter.
6 যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।
You have condemned and you have murdered the righteous one. He doesn’t resist you.
7 এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
Be patient therefore, brothers, until the coming of the Lord. Behold, the farmer waits for the precious fruit of the earth, being patient over it, until it receives the early and late rain.
8 তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
You also be patient. Establish your hearts, for the coming of the Lord is at hand.
9 হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
Don’t grumble, brothers, against one another, so that you won’t be judged. Behold, the judge stands at the door.
10 ১০ হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব।
Take, brothers, for an example of suffering and of perseverance, the prophets who spoke in the name of the Lord.
11 ১১ চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
Behold, we call them blessed who endured. You have heard of the perseverance of Job and have seen the Lord in the outcome, and how the Lord is full of compassion and mercy.
12 ১২ কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
But above all things, my brothers, don’t swear—not by heaven, or by the earth, or by any other oath; but let your “yes” be “yes”, and your “no”, “no”, so that you don’t fall into hypocrisy.
13 ১৩ আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
Is any amongst you suffering? Let him pray. Is any cheerful? Let him sing praises.
14 ১৪ কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
Is any amongst you sick? Let him call for the elders of the assembly, and let them pray over him, anointing him with oil in the name of the Lord;
15 ১৫ তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
and the prayer of faith will heal him who is sick, and the Lord will raise him up. If he has committed sins, he will be forgiven.
16 ১৬ এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
Confess your sins to one another and pray for one another, that you may be healed. The insistent prayer of a righteous person is powerfully effective.
17 ১৭ এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Elijah was a man with a nature like ours, and he prayed earnestly that it might not rain, and it didn’t rain on the earth for three years and six months.
18 ১৮ পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
He prayed again, and the sky gave rain, and the earth produced its fruit.
19 ১৯ হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
Brothers, if any amongst you wanders from the truth and someone turns him back,
20 ২০ তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
let him know that he who turns a sinner from the error of his way will save a soul from death and will cover a multitude of sins.

< যাকোব 5 >