< যেরেমিয়া 19 >

1 যিহোৱাই এই কথা ক’লে, “তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা, আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল
Rəbb belə dedi: «Get, dulusçunun düzəltdiyi bir gil kuzə al. Sonra isə xalqın və kahinlərin ağsaqqallarından bir neçəsini götür,
2 খোলা-কটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাইৰ ওচৰত থকা হিন্নোমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা, আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা;
Xarsit darvazasının girişində olan Ben-Hinnom vadisinə get. Sənə deyəcəyim sözləri orada elan edib söylə ki,
3 আৰু ক’বা, ‘হে যিহূদাৰ ৰজাসকল, হে যিৰূচালেম-নিবাসীসকল! যিহোৱাৰ বাক্য শুনা, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: চোৱা! মই ঠাইলৈ অমঙ্গল ঘটাম; যেয়ে তাক শুনিব, তাৰেই নোম শিয়ৰি উঠিব।
ey Yəhuda padşahları, Yerusəlimdə yaşayanlar, Rəbbin sözünü eşidin, İsrailin Allahı olan Ordular Rəbbi belə deyir: “Bax Mən bu yerin üzərinə elə bir bəla gətirəcəyəm ki, hər eşidənin qulağı cingildəyəcək.
4 তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
Çünki onlar Məndən üz döndərdi, buranı yad bir ölkəyə çevirdi. Orada özlərinin, atalarının və Yəhuda padşahlarının tanımadıqları başqa allahlara buxur yandırdılar və bu yeri günahsız qanla doldurdular.
5 তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
Öz uşaqlarını odda Baal bütlərinə yandırma qurbanı vermək üçün Baal səcdəgahlarını qurdular. Mən belə bir şeyi nə buyurdum, nə söylədim, nə də ağlıma gətirdim”».
6 এই কাৰণে যিহোৱাই কৈছে, চোৱা, “যি দিনা এই ঠাই তোফৎ, বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ’ব, এনে দিন আহিছে।
Rəbb bəyan edir: «Buna görə də bir gün gələcək ki, daha bu yerə Tofet yaxud Ben-Hinnom vadisi deyil, Qırğın vadisi deyiləcək.
7 আৰু মই এই ঠাইত যিহূদাৰ আৰু যিৰূচালেমৰ মন্ত্ৰণা ব্যৰ্থ কৰিম আৰু শত্ৰূবোৰৰ আগত তৰোৱালৰ দ্বাৰাই, আৰু তেওঁলোকৰ প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ হাতৰ দ্বাৰাই তেওঁলোকক পতিত কৰোৱাম, আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইবোৰক আৰু পৃথিৱীত ফুৰা জন্তুবোৰক খাবলৈ দিম।
Bu yerdə Yəhuda ilə Yerusəlimin niyyətlərini boşa çıxaracağam. Onları düşmənlərinin önündə canlarını almaq istəyənlərin əli ilə qılıncla həlak edəcəyəm. Cəsədlərini göydəki quşlara və yerdəki heyvanlara yem olaraq verəcəyəm.
8 আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইচ্ ইচ্ কৰাৰ বিষয় কৰিম; যি কোনোৱে তাৰ ওচৰেদি যাব, তেওঁ বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই মহামাৰীৰ উৎপাত দেখি ইচ্ ইচ্ কৰিব।
Bu şəhəri viran edəcəyəm, rişxənd hədəfinə çevirəcəyəm. Oradan keçən hər kəs onun başına gələn bəlaları görüb heyrət içində fit çalacaq.
9 আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
Oğullarının və qızlarının ətini özlərinə yedirdəcəyəm. Canlarını almaq istəyən düşmənləri onları mühasirəyə alanda çəkdikləri sıxıntıdan ötrü bir-birlərinin ətini yeyəcəklər».
10 ১০ পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিতো ভাঙি পেলাবা,
Sonra səninlə gedən adamların gözü önündə kuzəni sındırıb
11 ১১ আৰু তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, “কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰায় বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম; তাতে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তেওঁলোকে তাত মৰা শৱ পুতি থাকিব।
onlara söylə ki, Ordular Rəbbi belə deyir: «Necə ki dulusçunun əlində qab sınanda bir də düzəlmir, Mən də bu xalqı və şəhəri beləcə məhv edəcəyəm. Basdırmağa yer qalmadığı üçün ölüləri Tofetdə də basdıracaqlar.
12 ১২ যিহোৱাই কৈছে, মই এই ঠাইলৈ, আৰু ইয়াৰ নিবাসীসকললৈ এইদৰেই কৰিম, এনে কি, মই এই নগৰ তোফতৰ নিচিনা কৰিম।
Bu yer və sakinləri ilə belə rəftar edəcəyəm, bu şəhəri Tofet kimi edəcəyəm» Rəbb belə bəyan edir.
13 ১৩ গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”
«Yerusəlimin evləri və Yəhuda padşahlarının sarayları Tofetin ərazisi kimi murdar olacaq, çünki bütün evlərin damları üzərində səma cisimlərinə buxur yandırdılar, yad allahlara içmə təqdimləri gətirdilər».
14 ১৪ পাছে যিহোৱাই যিৰিমিয়াক ভাববাণী প্ৰচাৰ কৰিবৰ অৰ্থে যি তোফতলৈ পঠাইছিল, তাৰ পৰা তেওঁ আহি যিহোৱাৰ গৃহৰ চোতালত থিয় হৈ আটাই লোকসকলক ক’লে:
Peyğəmbərlik etmək üçün Rəbbin Tofetə göndərdiyi Yeremya oradan qayıtdı. O, Rəbbin məbədinin həyətində dayanıb bütün xalqa dedi:
15 ১৫ “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”
«İsrailin Allahı olan Ordular Rəbbi belə deyir: “Mən bu şəhər barədə söylədiyim bütün fəlakətləri onun və ətrafında olan kəndlərin üzərinə gətirəcəyəm, çünki inadkarlıq edərək sözlərimə qulaq asmırlar”».

< যেরেমিয়া 19 >