< যেরেমিয়া 37 >

1 বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
Potem królował król Sedekiasz, syn Jozjasza, w miejsce Choniasza, syna Joakima, którego Nabuchodonozor, król Babilonu, ustanowił królem w ziemi Judy.
2 কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
Lecz ani on, ani jego słudzy, ani lud tej ziemi nie słuchali słów PANA, które wypowiedział przez proroka Jeremiasza.
3 গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
Król Sedekiasz jednak posłał Jehuchala, syna Szelemiasza, i Sofoniasza, syna Maasejasza, kapłana, do proroka Jeremiasza, aby powiedzieli: Módl się za nas do PANA, naszego Boga.
4 সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
Jeremiasz zaś chodził swobodnie wśród ludu, gdyż jeszcze nie wtrącono go do więzienia.
5 পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
Tymczasem wojsko faraona wyruszyło z Egiptu. A gdy usłyszeli tę wieść Chaldejczycy oblegający Jerozolimę, odstąpili od Jerozolimy.
6 তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
I słowo PANA doszło do proroka Jeremiasza mówiące:
7 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
To mówi PAN, Bóg Izraela: Tak powiedzcie królowi Judy, który posłał was do mnie, abyście się mnie radzili: Oto wojsko faraona, które wyruszyło wam na pomoc, wróci do swojej ziemi, do Egiptu.
8 আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
I Chaldejczycy powrócą, i będą walczyli przeciwko temu miastu, zdobędą je i spalą ogniem.
9 যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
Tak mówi PAN: Nie zwódźcie samych siebie, mówiąc: Z pewnością Chaldejczycy odstąpią od nas. Bo nie odstąpią.
10 ১০ কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
Choćbyście nawet pobili całe wojsko Chaldejczyków, którzy walczą z wami, i zostaliby z nich tylko ranni, to [ci] powstaliby ze swoich namiotów i ogniem spaliliby to miasto.
11 ১১ কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
A gdy wojsko Chaldejczyków odstąpiło od Jerozolimy przed wojskiem faraona;
12 ১২ সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
Jeremiasz wychodził z Jerozolimy, aby udać się do ziemi Beniamina, by tym sposobem ujść stamtąd pośród ludu.
13 ১৩ পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
A gdy był [już] w Bramie Beniamina, znajdował się tam dowódca straży, imieniem Jirijasz, syn Szelemiasza, syna Chananiasza; ten pojmał proroka Jeremiasza, mówiąc: Przechodzisz do Chaldejczyków!
14 ১৪ তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
Jeremiasz odpowiedział: Nieprawda, nie przechodzę do Chaldejczyków. Ale [tamten] nie chciał go słuchać. Jirijasz pojmał Jeremiasza i przyprowadził go do książąt.
15 ১৫ সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
Książęta rozgniewali się na Jeremiasza, bili go i wsadzili do więzienia w domu Jonatana, pisarza, bo ten zamieniono na więzienie.
16 ১৬ যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
A gdy Jeremiasz wszedł do tego lochu i do celi, i siedział tam Jeremiasz przez wiele dni;
17 ১৭ চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
Wtedy król Sedekiasz posłał, aby go przyprowadzono. I król wypytywał go potajemnie w swoim domu: Czy jest [jakieś] słowo od PANA? Jeremiasz odpowiedział: Jest. I dodał: Będziesz wydany w ręce króla Babilonu.
18 ১৮ যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
Nadto Jeremiasz powiedział do króla Sedekiasza: Czym zgrzeszyłem [przeciwko] tobie, twoim sługom lub twemu ludowi, że wsadziliście mnie do tego więzienia?
19 ১৯ আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
Gdzie są wasi prorocy, którzy wam prorokowali, mówiąc: Król Babilonu nie nadciągnie przeciwko wam ani przeciwko tej ziemi.
20 ২০ এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
Teraz więc słuchaj, proszę, królu, mój panie. Niech moja prośba dotrze do ciebie: Nie odsyłaj mnie do domu Jonatana, pisarza, abym tam nie umarł.
21 ২১ তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
Król Sedekiasz rozkazał więc oddać Jeremiasza pod straż na dziedzińcu więzienia i aby dawano mu bochenek chleba dziennie z ulicy Piekarzy, póki nie został wyczerpany cały chleb w mieście. A Jeremiasz pozostał na dziedzińcu więzienia.

< যেরেমিয়া 37 >