< যোহন 3 >

1 ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
Oli üks mees nimega Nikodeemos, variser ja juutide valitseva nõukogu liige.
2 এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
Ta tuli öösel sinna, kus Jeesus oli, ja ütles: „Rabi, me teame, et sa oled Jumala juurest tulnud õpetaja, sest keegi ei suudaks teha tunnustähti, mida sina teed, kui Jumal ei oleks temaga.“
3 উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
„Ma räägin sulle tõtt, “vastas Jeesus, „kui sa pole uuesti sündinud, ei saa sa Jumala riiki kogeda.“
4 নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
„Kuidas saab vana inimene uuesti sündida?“küsis Nikodeemos. „Ei saa ju minna tagasi emaüska ja teist korda sündida!“
5 যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
„Ma räägin sulle tõtt: sa ei saa Jumala riiki, kui sa ei ole sündinud veest ja Vaimust, “lausus Jeesus talle.
6 শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
„Mis ihust on sündinud, on ihu, ja mis Vaimust on sündinud, on Vaim.
7 মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।
Ära üllatu, kui ma ütlen sulle: „Te peate uuesti sündima.“
8 বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
Tuul puhub, kust tahab, ja sa kuuled ainult tema häält, kuid ei tea, kust ta tuleb või kuhu läheb; nii on igaühega, kes on Vaimust sündinud.“
9 নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
„Kuidas see võimalik on?“küsis Nikodeemos.
10 ১০ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
„Sa oled Iisraelis kuulus õpetaja, aga ikkagi ei mõista sa selliseid asju?“vastas Jeesus.
11 ১১ আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
„Ma räägin sulle tõtt: me kõneleme sellest, mida teame, ja tunnistame sellest, mida oleme näinud, kuid sina keeldud meie tunnistust vastu võtmast.
12 ১২ মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
Kui sa ei usu seda, mida räägin sulle maistest asjadest, kuidas usuksid sa seda, kui räägiksin sulle taevastest asjadest?
13 ১৩ যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
Keegi ei ole taevani jõudnud, kuid inimese Poeg tuli taevast alla.
14 ১৪ মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
Samamoodi nagu Mooses tõstis mao kõrbes üles, tõstetakse ka inimese Poeg üles,
15 ১৫ যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। (aiōnios g166)
et igaühel, kes temasse usub, oleks igavene elu. (aiōnios g166)
16 ১৬ কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। (aiōnios g166)
Sest Jumal armastas maailma nii väga, et andis oma ühe ja ainsa Poja, et igaüks, kes temasse usub, ei peaks surema, vaid tal oleks igavene elu. (aiōnios g166)
17 ১৭ কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
Jumal ei saatnud Poega maailma, et maailma hukka mõista, vaid et maailm tema kaudu päästa.
18 ১৮ তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
Neid, kes usuvad temasse, ei mõisteta hukka, kuid need, kes temasse ei usu, on juba hukka mõistetud, sest nad ei ole uskunud Jumala ühtainsat Poega.
19 ১৯ সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
Otsus tehakse nii: valgus tuli maailma, kuid inimesed armastasid pigem pimedust, mitte valgust, sest nende teod olid kurjad.
20 ২০ কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
Kõik, kes teevad kurja, vihkavad valgust ega tule valguse kätte, sest nad ei taha, et nende teod avalikuks saaksid.
21 ২১ কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
Aga need, kes teevad head, tulevad valguse kätte, et saaks avalikuks see, mida Jumal neis teeb.“
22 ২২ তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
Pärast seda läks Jeesus koos oma jüngritega Juudamaale ning oli seal mõnda aega koos rahvaga ja ristis neid.
23 ২৩ যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
Ka Johannes ristis Ainonis Salimi lähedal, sest seal oli rohkelt vett ja inimesed tulid, et ristitud saada.
24 ২৪ তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
(See oli enne Johannese vangistamist.)
25 ২৫ সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
Johannese jüngrite ja ühe juudi vahel tekkis vaidlus tseremoniaalse puhastamise pärast.
26 ২৬ পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
Nad läksid Johannese juurde ja ütlesid talle: „Rabi, see mees, kellega sa teiselpool Jordani jõge koos olid, see, kelle toetuseks sa tunnistasid, vaata, see ristib nüüd ja kõik lähevad tema juurde!“
27 ২৭ যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
„Keegi ei võta midagi vastu, kui seda ei anta talle taevast, “vastas Johannes.
28 ২৮ মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
„Te ise võite tunnistada, et ma ütlesin: „Mina ei ole Messias. Ma olen saadetud talle teed valmistama.“
29 ২৯ যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
Peigmees on see, kellel on pruut! Isamees kuulatab peigmehe tulekut oodates ja ta on väga rõõmus, kui kuuleb peigmehe häält − samamoodi on minu rõõm nüüd täielik.
30 ৩০ তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
Tema peab saama tähtsamaks ja mina muutuma vähem tähtsaks.“
31 ৩১ যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
See, kes tuleb ülevalt, on kõigist suurem; see, kes tuleb maa pealt, kuulub maa peale ja räägib maistest asjadest. See, kes tuleb taevast, on kõigist suurem.
32 ৩২ তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
Tema tunnistab sellest, mida ta on näinud ja kuulnud, kuid keegi ei võta tema sõnu vastu.
33 ৩৩ যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
Kuid igaüks, kes tema sõnad vastu võtab, kinnitab, et Jumal on õige.
34 ৩৪ কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
Sest see, kelle Jumal on läkitanud, kõneleb Jumala sõnu, sest Jumal ei piira Vaimu.
35 ৩৫ পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
Isa armastab Poega ja on kõik andnud tema kätte.
36 ৩৬ পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।” (aiōnios g166)
Igaühel, kes usub Pojasse, on igavene elu, aga see, kes keeldub Poega uskumast, ei saa igavest elu, vaid tema osaks saab Jumala hukkamõist. (aiōnios g166)

< যোহন 3 >