< লূক 3 >

1 তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
εν ετει δε πεντεκαιδεκατω τησ ηγεμονιασ τιβεριου καισαροσ ηγεμονευοντοσ ποντιου πιλατου τησ ιουδαιασ και τετραρχουντοσ τησ γαλιλαιασ ηρωδου φιλιππου δε του αδελφου αυτου τετραρχουντοσ τησ ιτουραιασ και τραχωνιτιδοσ χωρασ και λυσανιου τησ αβιληνησ τετραρχουντοσ
2 হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
επι αρχιερεωσ αννα και καιαφα εγενετο ρημα θεου επι ιωαννην τον ζαχαριου υιον εν τη ερημω
3 তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
και ηλθεν εισ πασαν την περιχωρον του ιορδανου κηρυσσων βαπτισμα μετανοιασ εισ αφεσιν αμαρτιων
4 ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
ωσ γεγραπται εν βιβλω λογων ησαιου του προφητου λεγοντοσ φωνη βοωντοσ εν τη ερημω ετοιμασατε την οδον κυριου ευθειασ ποιειτε τασ τριβουσ αυτου
5 আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
πασα φαραγξ πληρωθησεται και παν οροσ και βουνοσ ταπεινωθησεται και εσται τα σκολια εισ ευθειαν και αι τραχειαι εισ οδουσ λειασ
6 সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
και οψεται πασα σαρξ το σωτηριον του θεου
7 তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
ελεγεν ουν τοισ εκπορευομενοισ οχλοισ βαπτισθηναι υπ αυτου γεννηματα εχιδνων τισ υπεδειξεν υμιν φυγειν απο τησ μελλουσησ οργησ
8 আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
ποιησατε ουν καρπουσ αξιουσ τησ μετανοιασ και μη αρξησθε λεγειν εν εαυτοισ πατερα εχομεν τον αβρααμ λεγω γαρ υμιν οτι δυναται ο θεοσ εκ των λιθων τουτων εγειραι τεκνα τω αβρααμ
9 গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
ηδη δε και η αξινη προσ την ριζαν των δενδρων κειται παν ουν δενδρον μη ποιουν καρπον καλον εκκοπτεται και εισ πυρ βαλλεται
10 ১০ তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
και επηρωτων αυτον οι οχλοι λεγοντεσ τι ουν ποιησομεν
11 ১১ তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
αποκριθεισ δε λεγει αυτοισ ο εχων δυο χιτωνασ μεταδοτω τω μη εχοντι και ο εχων βρωματα ομοιωσ ποιειτω
12 ১২ তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
ηλθον δε και τελωναι βαπτισθηναι και ειπον προσ αυτον διδασκαλε τι ποιησομεν
13 ১৩ তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”
ο δε ειπεν προσ αυτουσ μηδεν πλεον παρα το διατεταγμενον υμιν πρασσετε
14 ১৪ কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
επηρωτων δε αυτον και στρατευομενοι λεγοντεσ και ημεισ τι ποιησομεν και ειπεν προσ αυτουσ μηδενα διασεισητε μηδε συκοφαντησητε και αρκεισθε τοισ οψωνιοισ υμων
15 ১৫ লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
προσδοκωντοσ δε του λαου και διαλογιζομενων παντων εν ταισ καρδιαισ αυτων περι του ιωαννου μηποτε αυτοσ ειη ο χριστοσ
16 ১৬ যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
απεκρινατο ο ιωαννησ απασιν λεγων εγω μεν υδατι βαπτιζω υμασ ερχεται δε ο ισχυροτεροσ μου ου ουκ ειμι ικανοσ λυσαι τον ιμαντα των υποδηματων αυτου αυτοσ υμασ βαπτισει εν πνευματι αγιω και πυρι
17 ১৭ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
ου το πτυον εν τη χειρι αυτου και διακαθαριει την αλωνα αυτου και συναξει τον σιτον εισ την αποθηκην αυτου το δε αχυρον κατακαυσει πυρι ασβεστω
18 ১৮ এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
πολλα μεν ουν και ετερα παρακαλων ευηγγελιζετο τον λαον
19 ১৯ ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
ο δε ηρωδησ ο τετραρχησ ελεγχομενοσ υπ αυτου περι ηρωδιαδοσ τησ γυναικοσ του αδελφου αυτου και περι παντων ων εποιησεν πονηρων ο ηρωδησ
20 ২০ তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
προσεθηκεν και τουτο επι πασιν και κατεκλεισεν τον ιωαννην εν τη φυλακη
21 ২১ সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
εγενετο δε εν τω βαπτισθηναι απαντα τον λαον και ιησου βαπτισθεντοσ και προσευχομενου ανεωχθηναι τον ουρανον
22 ২২ সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
και καταβηναι το πνευμα το αγιον σωματικω ειδει ωσει περιστεραν επ αυτον και φωνην εξ ουρανου γενεσθαι λεγουσαν συ ει ο υιοσ μου ο αγαπητοσ εν σοι ευδοκησα
23 ২৩ প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
και αυτοσ ην ο ιησουσ ωσει ετων τριακοντα αρχομενοσ ων ωσ ενομιζετο υιοσ ιωσηφ του ηλι
24 ২৪ এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
του ματθατ του λευι του μελχι του ιαννα του ιωσηφ
25 ২৫ যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
του ματταθιου του αμωσ του ναουμ του εσλι του ναγγαι
26 ২৬ নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
του μααθ του ματταθιου του σεμει του ιωσηφ του ιουδα
27 ২৭ যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
του ιωαναν του ρησα του ζοροβαβελ του σαλαθιηλ του νηρι
28 ২৮ নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
του μελχι του αδδι του κωσαμ του ελμωδαμ του ηρ
29 ২৯ এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
του ιωση του ελιεζερ του ιωρειμ του ματθατ του λευι
30 ৩০ লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
του συμεων του ιουδα του ιωσηφ του ιωναν του ελιακειμ
31 ৩১ ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
του μελεα του μαιναν του ματταθα του ναθαν του δαυιδ
32 ৩২ দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
του ιεσσαι του ωβηδ του βοοζ του σαλμων του ναασσων
33 ৩৩ নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
του αμιναδαβ του αραμ του εσρωμ του φαρεσ του ιουδα
34 ৩৪ যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
του ιακωβ του ισαακ του αβρααμ του θαρα του ναχωρ
35 ৩৫ নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
του σερουχ του ραγαυ του φαλεγ του εβερ του σαλα
36 ৩৬ চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
του καιναν του αρφαξαδ του σημ του νωε του λαμεχ
37 ৩৭ লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;
του μαθουσαλα του ενωχ του ιαρεδ του μαλελεηλ του καιναν
38 ৩৮ কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।
του ενωσ του σηθ του αδαμ του θεου

< লূক 3 >