< মথি 10 >

1 যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
ויקרא אליו את שנים עשר תלמידיו ויתן להם שלטן על רוחות הטמאה לגרשם ולרפוא כל חלי וכל מדוה׃
2 সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
ואלה שמות שנים עשר השליחים הראשון שמעון הנקרא פטרוס ואנדרי אחיו יעקב בן זבדי ויוחנן אחיו׃
3 ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,
פילפוס ובר תלמי תומא ומתי המוכס יעקב בן חלפי ולבי המכנה תדי׃
4 জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
שמעון הקני ויהודה איש קריות אשר גם מסר אתו׃
5 এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
את שנים העשר האלה שלח ישוע ויצו אתם לאמר אל דרך הגוים אל תלכו ואל עיר השמרונים אל תבאו׃
6 কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা।
כי אם לכו אל הצאן האבדות לבית ישראל׃
7 বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’
ובלכתכם קראו לאמר למכות השמים קרבה לבוא׃
8 অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
רפאו את החולים טהרו את המצרעים הקימו את המתים ואת השדים גרשו חנם לקחתם חנם תתנו׃
9 তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা।
לא תקחו זהב ולא כסף ולא נחשת בחגוריכם׃
10 ১০ বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
ולא תרמיל לדרך ולא שתי כתנות ולא נעלים ולא מטה כי שוה הפעל די מחיתו׃
11 ১১ তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা।
וכל עיר וכפר אשר תבאו שמה דרשו מי הוא הראוי לזה בתוכה ושם שבו עד כי תצאו׃
12 ১২ যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা।
ובבואכם אל הבית שאלו לו לשלום׃
13 ১৩ সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
והיה אם ראוי הבית יבוא עליו שלומכם ואם איננו ראוי שלומכם אליכם ישוב׃
14 ১৪ যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।
וכל אשר לא יקבל אתכם ולא ישמע לדבריכם צאו לכם מן הבית ההוא ומן העיר ההיא ונערו את עפר רגליכם׃
15 ১৫ মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
אמן אמר אני לכם כי יקל לארץ סדום ועמרה ביום הדין מן העיר ההיא׃
16 ১৬ শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
הנני שלח אתכם ככבשים בין הזאבים לכן היו ערומים כנחשים ותמימים כיונים׃
17 ১৭ সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
והשמרו לכם מבני האדם כי ימסרו אתכם לסנהדריות ויכו אתכם בשוטים בבתי כנסיותיהם׃
18 ১৮ মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
ולפני משלים ומלכים תובאו למעני לעדות להם ולגוים׃
19 ১৯ লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
וכי ימסרו אתכם אל תדאגו איך ומה תדברו כי ינתן לכם בשעה ההיא את אשר תדברו׃
20 ২০ কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহেতোমালোকৰ ভিতৰৰ পৰা কব।
כי לא אתם הם המדברים כי רוח אביכם הוא המדבר בפיכם׃
21 ২১ ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
והיה אח ימסר את אחיו למות ואב ימסר את בנו וקמו בנים באבותם וימיתו אותם׃
22 ২২ মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
והייתם שנואים לכל אדם למען שמי והמחכה עד עת קץ הוא יושע׃
23 ২৩ যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
ואם ירדפו אתכם בעיר אחת נוסו לעיר אחרת כי אמן אמר אני לכם לא תכלו לעבר ערי ישראל עד כי יבוא בן האדם׃
24 ২৪ শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়।
אין תלמיד עלה על רבו ועבד על אדניו׃
25 ২৫ শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
דיו לתלמיד להיות כרבו ולעבד להיות כאדניו אם לבעל הבית קראו בעל זבוב אף לאנשי ביתו׃
26 ২৬ গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব।
על כן לא תיראום כי אין דבר מכסה אשר לא יגלה ואין נעלם אשר לא יודע׃
27 ২৭ মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
את אשר אני אמר לכם בחשך דברו באור ואשר ילחש לאזניכם השמיעו על הגגות׃
28 ২৮ যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। (Geenna g1067)
ואל תיראי מן ההרגים את הגוף ואת הנפש לא יוכלו להרג אך תיראו את אשר יוכל לאבד גם את הנפש גם את הגוף בגיהנם׃ (Geenna g1067)
29 ২৯ দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে।
הלא תמכרנה שתי צפרים באסר ואחת מהנה לא תפול ארצה מבלעדי אביכם׃
30 ৩০ তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।
ואתם גם שערות ראשכם נמנות כלן׃
31 ৩১ এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
לכן אל תיראו הנכם יקרים מצפרים רבות׃
32 ৩২ এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
הן כל אשר יודה בי לפני האדם אודה בו גם אני לפני אבי שבשמים׃
33 ৩৩ কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
ואשר יכחש בי לפני האדם אכחש בו גם אני לפני אבי שבשמים׃
34 ৩৪ মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ।
אל תחשבו כי באתי להטיל שלום בארץ לא באתי להטיל שלום כי אם חרב׃
35 ৩৫ বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ;
כי באתי להפריד איש מאביו ובת מאמה וכלה מחמותה׃
36 ৩৬ নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব।
ואיבי איש אנשי ביתו׃
37 ৩৭ যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
האהב את אביו ואת אמו יותר ממני איננו כדי לי והאהב את בנו ובתו יותר ממני איננו כדי לי׃
38 ৩৮ যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়।
ואשר לא יקח את צלבו והלך אחרי איננו כדי לי׃
39 ৩৯ যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
המצא את נפשו יאבדנה והמאבד את נפשו למעני הוא ימצאנה׃
40 ৪০ যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
המקבל אתכם אותי הוא מקבל והמקבל אותי הוא מקבל את אשר שלחני׃
41 ৪১ এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
המקבל נביא לשם נביא שכר נביא יקח והמקבל צדיק לשם צדיק שכר צדיק יקח׃
42 ৪২ যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
והמשקה את אחד הקטנים האלה רק כוס מים קרים לשם תלמיד אמן אמר אני לכם כי לא יאבד שכרו׃

< মথি 10 >