< গণনা পুস্তক 24 >

1 যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
Vida pak Balám, že by se líbilo Hospodinu, aby dobrořečil Izraelovi, již více nešel jako prvé, jednou i po druhé, k čárům svým, ale obrátil tvář svou proti poušti.
2 বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
A pozdvih očí svých, viděl Izraele bydlícího v staních po svých pokoleních, a byl nad ním duch Boží.
3 তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল, সেই পুৰুষে কৈছে,
I vzav podobenství své, dí: Řekl Balám, syn Beorův, řekl muž mající otevřené oči,
4 যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে।
Řekl slyšící výmluvnosti Boha silného, kterýž vidění všemohoucího vidí, kterýž když padne, otevřené má oči:
5 হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
Jak velmi krásní jsou stánkové tvoji, Jákobe, příbytkové tvoji, Izraeli!
6 সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত, আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ, যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা, আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।
Tak jako se potokové rozšiřují, jako zahrady vedlé řeky, jako stromoví aloes, kteréž štípil Hospodin, jako cedrové podlé vod.
7 তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
Poteče voda z okovu jeho, a símě jeho u vodách mnohých. A král jeho vyvýšen bude více než Agag, a vyzdvihne se království jeho.
8 ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
Bůh silný vyvedl jej z Egypta, jako udatnost jednorožcova jest jemu; sžereť národy protivné sobě, a kosti jich potře a střelami svými prostřílí.
9 তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
Složil se a ležel jako lvíče, a jako lev zůřivý; kdo jej zbudí? Kdo by požehnání dával tobě, požehnaný bude, a kdožť by zlořečil, bude zlořečený.
10 ১০ তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
Tedy zapáliv se hněvem Balák proti Balámovi, tleskl rukama svýma a řekl Balámovi: Abys zlořečil nepřátelům mým, povolal jsem tebe, a aj, ustavičně dobrořečil jsi jim již po třikrát.
11 ১১ এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
Protož nyní navrať se raději k místu svému. Bylť jsem řekl: Velikou ctí tě ctíti chci, a hle, Hospodin zbavil tě cti.
12 ১২ তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
Jemuž odpověděl Balám: Však hned poslům tvým, kteréž jsi poslal ke mně, mluvil jsem, řka:
13 ১৩ ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
Byť mi dal Balák plný dům svůj stříbra a zlata, nebudu moci přestoupiti řeči Hospodinovy, abych činil dobré neb zlé sám od sebe; což mi Hospodin oznámí, to mluviti budu,
14 ১৪ এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
(Ale však ještě já, již odcházeje k lidu svému, počkej, poradím tobě, ) co učiní lid ten lidu tvému v posledních dnech.
15 ১৫ বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
Tedy vzav podobenství své, dí: Řekl Balám, syn Beorův, řekl muž mající oči otevřené,
16 ১৬ এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে।
Řekl slyšící výmluvnosti Boha silného, kterýž zná naučení nejvyššího, a vidění všemohoucího vidí, kterýž když padne, otevřené má oči:
17 ১৭ মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
Uzřímť jej, ale ne nyní, pohledím na něj, ale ne z blízka. Vyjdeť hvězda z Jákoba, a povstane berla z Izraele, kteráž poláme knížata Moábská, a zkazí všecky syny Set.
18 ১৮ তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
I bude Edom podmaněn, a Seir v vládařstí přijde nepřátelům svým; nebo Izrael zmužile sobě počínati bude.
19 ১৯ যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
Panovati bude pošlý z Jákoba, a zahladí ostatky z každého města.
20 ২০ তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
A když uzřel Amalecha, vzav podobenství své, řekl: Jakož počátek národů Amalech, tak konec jeho do gruntu zahyne.
21 ২১ তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
Uzřev pak Cinea, vzav podobenství své, řekl: Pevný jest příbytek tvůj, a na skále založils hnízdo své;
22 ২২ তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
Ale však vyhnán bude Cineus, Assur zajatého jej povede.
23 ২৩ তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
Opět vzav podobenství své, řekl: Ach, kdo bude živ, když toto učiní Bůh silný?
24 ২৪ আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”
A bárky z země Citim připlynou a ssouží Assyrské, ssouží také Židy, ale i ten lid do konce zahyne.
25 ২৫ তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।
Potom vstav Balám, odšel a navrátil se na místo své; Balák také odšel cestou svou.

< গণনা পুস্তক 24 >