< সামসঙ্গীত 145 >

1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
Salimo la matamando la Davide. Ndidzakukwezani Mulungu wanga, Mfumu yanga; ndidzatamanda dzina lanu ku nthawi za nthawi.
2 মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
Ndidzakutamandani tsiku ndi tsiku ndi kulemekeza dzina lanu ku nthawi za nthawi.
3 যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
Yehova ndi wamkulu ndi woyenera matamando onse; ukulu wake palibe angawumvetsetse.
4 এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
Mʼbado wina udzayamikira ntchito yanu kwa mʼbado wina; Iwo adzafotokoza za machitidwe anu amphamvu.
5 মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
Adzayankhula ulemerero wokongola waufumu wanu, ndipo ine ndidzalingalira za ntchito zanu zodabwitsa.
6 লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
Iwo adzafotokoza za mphamvu ya ntchito zanu zoopsa kwambiri, ndipo ine ndidzalengeza za ntchito zanu zazikulu.
7 তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
Adzakondwerera kuchuluka kwa ubwino wanu, ndi kuyimba mwachimwemwe za chilungamo chanu.
8 যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Yehova ndi wokoma mtima ndi wachifundo, wosakwiya msanga ndi wodzaza ndi chikondi chosasinthika.
9 যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
Yehova ndi wabwino kwa onse; amachitira chifundo zonse zimene anazipanga.
10 ১০ হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
Zonse zimene munazipanga zidzakutamandani, Inu Yehova; oyera mtima adzakulemekezani.
11 ১১ তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
Iwo adzafotokoza za ulemerero wa ufumu wanu ndi kuyankhula za mphamvu yanu,
12 ১২ যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
kuti anthu onse adziwe za machitidwe anu amphamvu ndi ulemerero wokongola wa ufumu wanu.
13 ১৩ তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Ufumu wanu ndi ufumu wamuyaya, ndipo ulamuliro wanu ndi wosatha pa mibado yonse. Yehova ndi wokhulupirika pa malonjezo ake onse ndi wokonda zonse zimene Iye anazipanga.
14 ১৪ যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
Yehova amagwiriziza onse amene akugwa ndipo amakweza onse otsitsidwa.
15 ১৫ সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
Maso a onse amayangʼana kwa Inu, ndipo Inu mumawapatsa chakudya chawo pa nthawi yoyenera.
16 ১৬ তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
Mumatsekula dzanja lanu ndi kukwaniritsa zokhumba za chamoyo chilichonse.
17 ১৭ যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
Yehova ndi wolungama mʼnjira zake zonse, ndi wokonda zonse zimene anazipanga.
18 ১৮ যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
Yehova ali pafupi ndi onse amene amamuyitana, onse amene amamuyitana Iye mʼchoonadi.
19 ১৯ যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
Iye amakwaniritsa zokhumba za iwo amene amamuopa; amamva kulira kwawo ndi kuwapulumutsa.
20 ২০ যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
Yehova amayangʼana onse amene amamukonda koma adzawononga anthu onse oyipa.
21 ২১ মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
Pakamwa panga padzayankhula zotamanda Yehova. Cholengedwa chilichonse chitamande dzina lake loyera ku nthawi za nthawi.

< সামসঙ্গীত 145 >