< Anden Krønikebog 24 >

1 Joas var syv År gammel da han blev konge og han herskede i fyrretyve År i Jerusalem. Hans Moder hed Zibja og var fra Be'ersjeba.
যোৱাচে সাত বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিলে; তেওঁৰ মাক বেৰ-চেবা-নিবাসিনী চিবিয়া আছিল।
2 Joas gjorde, hvad der var ret i HERRENs Øjne, så længe Præsten Jojada levede.
যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।
3 Jojada tog ham to Hustruer, og han avlede Sønner og Døtre.
যিহোয়াদাই দুজনী ছোৱালী বাছি লৈ যোৱাচৰ লগত বিয়া দিলে; তাতে তেওঁৰ ঔৰসত কেইবাজন পুত্ৰ আৰু কেইবাজনীও জীয়েক জন্ম হ’ল।
4 Siden kom Joas i Tanker om at udbedre HERRENs Hus.
ইয়াৰ পিছত যিহোৱাৰ গৃহ আগৰ দৰে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ যোৱাচে স্থিৰ কৰিলে।
5 Han samlede derfor Præsterne og Leviterne og sagde til dem: "Drag ud til Judas Byer og saml Penge ind i hele Israel til at istandsætte eders Guds Hus År efter År; men I må skynde eder!" Leviterne skyndte sig dog ikke.
তেওঁ পুৰোহিত আৰু লেবীয়াসকলক গোটাই তেওঁলোকক ক’লে, “তোমালোকে যিহূদাৰ নগৰবোৰলৈ ওলাই যোৱা আৰু বছৰে বছৰে তোমালোকৰ ঈশ্বৰৰ গৃহৰ মেৰামত কাৰ্য কৰিবলৈ গোটেই ইস্ৰায়েলৰ পৰা ৰূপ গোটোৱা, এই কাৰ্য বেগাই কৰা।” কিন্তু লেবীয়াসকলে তাক বেগাই নকৰিলে।
6 Så lod Kongen Ypperstepræsten Jojada kalde og sagde til ham: "Hvorfor har du ikke holdt Øje med, at Leviterne i Juda og Jerusalem indsamler den Afgift, HERRENs Tjener Moses pålagde Israels Forsamling til Vidnesbyrdets Telt?
পাছে ৰজাই প্ৰধান পুৰোহিত যিহোয়াদাক মতাই আনি ক’লে, “সাক্ষ্য ফলিৰ তম্বুৰ বাবে ঈশ্বৰৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সমাজে নিৰূপণ কৰা কৰ যিহূদা আৰু যিৰূচালেমৰ পৰা আনিবলৈ তুমি লেবীয়াসকলক কিয় কোৱা নাই?”
7 Thi den ugudelige Atalja og hendes Sønner har ødelagt Guds Hus og oven i Købet brugt Helliggaverne i HERRENs Hus til Ba'alerne."
কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু যিহোৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল।
8 På Kongens Bud lavede man så en Kiste og satte den uden for Porten til HERRENs Hus;
গতিকে ৰজাই আজ্ঞা কৰাত, তেওঁলোকে এটা চন্দুক সাজি তাক যিহোৱাৰ গৃহৰ দুৱাৰমুখৰ বাহিৰ ফালে ৰাখিলে।
9 og det kundgjordes i Juda ogJerusalem, at den Afgift, Moses havde pålagt Israeliterne i Ørkenen, skulde udredes til HERREN.
আৰু ঈশ্বৰৰ দাস মোচিয়ে মৰুপ্ৰান্তত ইস্ৰায়েলৰ ওপৰত যি বাধ্যতামুলক কৰ স্থিৰ কৰিছিল, তাক যিহোৱাৰ উদ্দেশ্যে আনিবলৈ, যিহূদা আৰু যিৰূচালেমৰ সকলো ফালে ঘোষণা কৰা হ’ল।
10 Alle Øversterne og hele Folket bragte da Afgiften med Glæde og lagde den i Kisten, til den var fuld;
১০তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
11 og hver Gang kisten af Leviterne blev bragt til de kongelige Tilsynsmænd, når de så, at der var mange Penge, kom Kongens Skriver og Ypperstepræstens Tilsynsmand og tømte Kisten; og så tog de og satte den på Plads igen. Således gjorde de Gang på Gang, og de samlede en Mængde Penge.
১১আৰু লেবীয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালি কৰি, পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ; দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে।
12 Og Kongen og Jojada gav Pengene til dem, der stod for Arbejdet ved HERRENs Hus, og de lejede Stenhuggere og Tømmermænd til at udbedre HERRENs Hus og derhos Jern og Kobbersmede til at istandsætte HERRENs Hus.
১২পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
13 Og de, der stod for Arbejdet, tog fat, og Istandsættelsesarbejdet skred frem under deres Hænder, og de bygggede Guds Hus op efter de opgivne Mål og satte det i god Stand.
১৩তাতে কাম কৰোঁতা সকলে কাম কৰাত, তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ’ল; এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে।
14 Da de var færdige, bragte de Resten af Pengene til Kongen og Jojada, og for dem lod han lave Redskaber til HERRENs Hus, Redskaber til Tjenesten og Ofrene, Kander og Kar af Guld og Sølv. Og de ufrede stadig Brændofre i HERRENs Hus, så længe Jojada levede.
১৪কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।
15 Men Jojada blev gammel og mæt af Dage og døde; han var ved sin Død 130 År gammel.
১৫পাছে যিহোয়াদাই বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই মৰিল; মৃত্যুৰ সময়ত তেওঁৰ এশত্ৰিশ বছৰ বয়স আছিল।
16 Man jordede ham i Davidsbyen hos Kongerne, fordi han havde gjort sig fortjent af Israel og over for Gud og hans Hus.
১৬তেওঁলোকে তেওঁক দায়ূদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য কৰিছিল৷
17 Men efter Jojadas Død kom Judas Øverster og kastede sig ned for Kongen. Da hørte Kongen dem villig,
১৭যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
18 Og de forlod HERREN, deres Fædres Guds Hus og dyrkede Asjererne og Gudebillederne. Og der kom Vrede over Juda og Jerusalem for denne deres Synds Skyld.
১৮তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
19 Så sendte han Profeter iblandt dem for at omvende dem til HERREN, og de advarede dem, men de hørte ikke.
১৯তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।
20 Men Guds Ånd iførte sig Zekarja, Præsten Jojadas Søn, og han trådte frem for Folket og sagde til dem: "Så siger Gud: Hvorfor overtræder I HERRENs Bud så Lykken viger fra eder? Fordi I har forladt HERREN, har han forladt eder!"
২০পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
21 Men de sammensvor sig imod ham og stenede ham på Kongens Bud i Forgården til HERRENs Hus;
২১কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে।
22 Kong Joas kom ikke den Kærlighed i Hu, hans Fader Jojada havde vist ham, men lod Sønnen dræbe, Men da han døde, råbte han: "HERREN ser og straffer!"
২২তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”
23 Ved Jævndøgnstide drog Aramæernes Hær imod Kongen, og de trængte ind i Juda og Jerusalem og udryddede alle Øverster af Folket og sendte alt Byttet, de tog fra dem. til Kongen af Darmaskus.
২৩প্ৰায় এবছৰৰ মুৰত অৰামৰ সৈন্য-সামন্ত যোৱাচৰ বিৰুদ্ধে উঠিল৷ তেওঁলোকে যিহূদা আৰু যিৰূচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লুটদ্ৰব্য দম্মেচকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
24 Skønt Aramæernes Hær kom i et ringe Tal, gav HERREN en såre stor Hær i deres Hånd, fordi de havde forladt HERREN, deres Fædres Gud; således fuldbyrdede de Dommen over Joas.
২৪কিয়নো যদিও অৰামীয়াসকলৰ অলপ লোক থকা সৈন্য সামন্ত আহিল, তথাপি যিহোৱাই তেওঁলোকৰ হাতত, অতিশয় অধিক লোক থকা সৈন্যসামন্তক শোধাই দিলে, কাৰণ যিহূদাৰ লোকসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে। এইদৰে অৰামীয়াসকলে যোৱাচৰ ওপৰত বিচাৰ আনিলে।
25 Og da de drog bortfra ham - de forlod ham nemlig i hårde Lidelser - stiftede hans Folk en Sammensærgelse imod ham til Straf for Mordet på Præsten Jojadas Søn og dræbte ham i hans Seng. Således døde han, og man jordede ham i Davidsbyen, dog ikke i Kongegravene.
২৫অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।
26 De sammensvorne var Zakar, en Søn af Ammoniterkvinden Sjim'at. og Jozahad, en Søn af Moabiterkvinden Sjimrit.
২৬অম্মোনীয়ানী চিমিয়তৰ পুতেক যাবদ আৰু মোৱাবীয়ানী চিম্ৰীতৰ পুতেক যিহোজাবদ, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল।
27 Hans Sønners Navne, de mange profetiske Udsagn imod ham og hans grundige Udbedring af Guds, Hus står jo optegnet i Udlægningen til Kongernes Bog. Hans Søn Amazja blev Konge i hans Sted.
২৭তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।

< Anden Krønikebog 24 >