< Ezekiel 21 >

1 The LORD’s word came to me, saying,
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Son of man, set your face toward Jerusalem, and preach toward the sanctuaries, and prophesy against the land of Israel.
“হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 Tell the land of Israel, ‘The LORD says: “Behold, I am against you, and will draw my sword out of its sheath, and will cut off from you the righteous and the wicked.
তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!
4 Seeing then that I will cut off from you the righteous and the wicked, therefore my sword will go out of its sheath against all flesh from the south to the north.
মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব।
5 All flesh will know that I, the LORD, have drawn my sword out of its sheath. It will not return any more.”’
আৰু মই যিহোৱায়েই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব। ই পুনৰায় ঘূৰি নাযাব!’
6 “Therefore sigh, you son of man. You shall sigh before their eyes with a broken heart and with bitterness.
আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা! আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা!
7 It shall be, when they ask you, ‘Why do you sigh?’ that you shall say, ‘Because of the news, for it comes! Every heart will melt, all hands will be feeble, every spirit will faint, and all knees will be weak as water. Behold, it comes, and it shall be done, says the Lord GOD.’”
তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”
8 The LORD’s word came to me, saying,
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
9 “Son of man, prophesy, and say, ‘The LORD says: “A sword! A sword! It is sharpened, and also polished.
“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে: তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।
10 It is sharpened that it may make a slaughter. It is polished that it may be as lightning. Should we then make mirth? The rod of my son condemns every tree.
১০বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
11 It is given to be polished, that it may be handled. The sword is sharpened. Yes, it is polished to give it into the hand of the killer.”’
১১তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!
12 Cry and wail, son of man; for it is on my people. It is on all the princes of Israel. They are delivered over to the sword with my people. Therefore beat your thigh.
১২হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।
13 “For there is a trial. What if even the rod that condemns will be no more?” says the Lord GOD.
১৩কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
14 “You therefore, son of man, prophesy, and strike your hands together. Let the sword be doubled the third time, the sword of the fatally wounded. It is the sword of the great one who is fatally wounded, which enters into their rooms.
১৪এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!
15 I have set the threatening sword against all their gates, that their heart may melt, and their stumblings be multiplied. Ah! It is made as lightning. It is pointed for slaughter.
১৫তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।
16 Gather yourselves together. Go to the right. Set yourselves in array. Go to the left, wherever your face is set.
১৬হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা! যুগুত হৈ বাওঁফালে ঘূৰা! যি ফালে তোমাৰ ধাৰ আছে তুমি সেই ফাললৈ গমন কৰা।
17 I will also strike my hands together, and I will cause my wrath to rest. I, the LORD, have spoken it.”
১৭ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।
18 The LORD’s word came to me again, saying,
১৮পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
19 “Also, you son of man, appoint two ways, that the sword of the king of Babylon may come. They both will come out of one land, and mark out a place. Mark it out at the head of the way to the city.
১৯“হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।
20 You shall appoint a way for the sword to come to Rabbah of the children of Ammon, and to Judah in Jerusalem the fortified.
২০তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।
21 For the king of Babylon stood at the parting of the way, at the head of the two ways, to use divination. He shook the arrows back and forth. He consulted the teraphim. He looked in the liver.
২১কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
22 In his right hand was the lot for Jerusalem, to set battering rams, to open the mouth in the slaughter, to lift up the voice with shouting, to set battering rams against the gates, to cast up mounds, and to build forts.
২২পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল!
23 It will be to them as a false divination in their sight, who have sworn oaths to them; but he brings iniquity to memory, that they may be taken.
২৩সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
24 “Therefore the Lord GOD says: ‘Because you have caused your iniquity to be remembered, in that your transgressions are uncovered, so that in all your doings your sins appear; because you have come to memory, you will be taken with the hand.
২৪এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধবোৰ সোঁৱৰণ কৰাব, তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ব! এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব; এতেকে তোমালোক শত্রুৰ হাতত ধৰা পৰিবা।
25 “‘You, deadly wounded wicked one, the prince of Israel, whose day has come, in the time of the iniquity of the end,
২৫আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
26 the Lord GOD says: “Remove the turban, and take off the crown. This will not be as it was. Exalt that which is low, and humble that which is high.
২৬প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব।
27 I will overturn, overturn, overturn it. This also will be no more, until he comes whose right it is; and I will give it.”’
২৭মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
28 “You, son of man, prophesy and say, ‘The Lord GOD says this concerning the children of Ammon, and concerning their reproach: “A sword! A sword is drawn! It is polished for the slaughter, to cause it to devour, that it may be as lightning;
২৮হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
29 while they see for you false visions, while they divine lies to you, to lay you on the necks of the wicked who are deadly wounded, whose day has come in the time of the iniquity of the end.
২৯তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
30 Cause it to return into its sheath. In the place where you were created, in the land of your birth, I will judge you.
৩০তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!
31 I will pour out my indignation on you. I will blow on you with the fire of my wrath. I will deliver you into the hand of brutish men, skillful to destroy.
৩১আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!
32 You will be for fuel to the fire. Your blood will be in the middle of the land. You will be remembered no more; for I, the LORD, have spoken it.”’”
৩২তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”

< Ezekiel 21 >