< Genesis 7 >

1 Yahweh said to Noah, “Come with all of your household into the ship, for I have seen your righteousness before me in this generation.
তাৰ পাছত যিহোৱাই নোহক ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা।
2 You shall take seven pairs of every clean animal with you, the male and his female. Of the animals that are not clean, take two, the male and his female.
তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা।
3 Also of the birds of the sky, seven and seven, male and female, to keep seed alive on the surface of all the earth.
আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা।
4 In seven days, I will cause it to rain on the earth for forty days and forty nights. I will destroy every living thing that I have made from the surface of the ground.”
সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।”
5 Noah did everything that Yahweh commanded him.
যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে।
6 Noah was six hundred years old when the flood of waters came on the earth.
পৃথিৱীত জলপ্লাৱন হোৱাৰ সময়ত নোহৰ বয়স আছিল ছশ বছৰ।
7 Noah went into the ship with his sons, his wife, and his sons’ wives, because of the floodwaters.
জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল।
8 Clean animals, unclean animals, birds, and everything that creeps on the ground
শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ
9 went by pairs to Noah into the ship, male and female, as God commanded Noah.
মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল।
10 After the seven days, the floodwaters came on the earth.
১০সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে।
11 In the six hundredth year of Noah’s life, in the second month, on the seventeenth day of the month, on that day all the fountains of the great deep burst open, and the sky’s windows opened.
১১নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল।
12 It rained on the earth forty days and forty nights.
১২চল্লিশ দিন আৰু চল্লিশ ৰাতি পৃথিৱীত বৰষুণ হ’ল।
13 In the same day Noah, and Shem, Ham, and Japheth—the sons of Noah—and Noah’s wife and the three wives of his sons with them, entered into the ship—
১৩যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল।
14 they, and every animal after its kind, all the livestock after their kind, every creeping thing that creeps on the earth after its kind, and every bird after its kind, every bird of every sort.
১৪তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল।
15 Pairs from all flesh with the breath of life in them went into the ship to Noah.
১৫শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল।
16 Those who went in, went in male and female of all flesh, as God commanded him; then Yahweh shut him in.
১৬ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে।
17 The flood was forty days on the earth. The waters increased, and lifted up the ship, and it was lifted up above the earth.
১৭তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল।
18 The waters rose, and increased greatly on the earth; and the ship floated on the surface of the waters.
১৮পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে।
19 The waters rose very high on the earth. All the high mountains that were under the whole sky were covered.
১৯পৃথিবীৰ ওপৰত পানী কেৱল বাঢ়িয়েই থাকিল; সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্ব্বত ডুব গ’ল।
20 The waters rose fifteen cubits higher, and the mountains were covered.
২০পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল।
21 All flesh died that moved on the earth, including birds, livestock, animals, every creeping thing that creeps on the earth, and every man.
২১পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
22 All on the dry land, in whose nostrils was the breath of the spirit of life, died.
২২শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল।
23 Every living thing was destroyed that was on the surface of the ground, including man, livestock, creeping things, and birds of the sky. They were destroyed from the earth. Only Noah was left, and those who were with him in the ship.
২৩এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
24 The waters flooded the earth one hundred fifty days.
২৪এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল।

< Genesis 7 >

The Great Flood
The Great Flood