< Josué 12 >

1 Or ce sont ici les Rois du pays que les enfants d'Israël frappèrent, et dont ils possédèrent le pays au delà du Jourdain vers le soleil levant, depuis le torrent d'Arnon jusqu'à la montagne de Hermon, et toute la campagne vers l'Orient.
বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
2 [Savoir] Sihon, Roi des Amorrhéens, qui habitait à Hesbon, et qui dominait depuis Haroher qui [est] sur le bord du torrent d'Arnon, et [depuis] le milieu du torrent, et la moitié de Galaad, même jusqu'au torrent de Jabbok, qui est la frontière des enfants de Hammon;
চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
3 Et [depuis] la campagne jusqu'à la mer de Kinnaroth vers l'Orient, et jusqu'à la mer de la campagne, qui est la mer salée, vers l'Orient, au chemin de Beth-jesimoth; et depuis le Midi au dessous d'Asdoth de Pisga.
আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
4 Et les contrées de Hog, Roi de Basan, qui était du reste des Réphaïms, [et] qui habitait à Hastaroth et à Edréhi;
ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
5 Et qui dominait en la montagne de Hermon, et à Salca, et par tout Basan, jusqu'aux limites des Guésuriens et des Mahacathiens, et de la moitié de Galaad, frontière de Sihon, Roi de Hesbon.
তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
6 Moïse serviteur de l'Eternel, et les enfants d'Israël les battirent; et Moïse serviteur de l'Eternel en donna la possession aux Rubénites, et aux Gadites, et à la moitié de la Tribu de Manassé.
যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
7 Et ce sont ici les Rois du pays que Josué et les enfants d'Israël frappèrent au deçà du Jourdain vers l'Occident, depuis Bahal-Gad, en la campagne du Liban, jusqu'à la montagne de Halak qui monte vers Séhir, et que Josué donna aux Tribus d'Israël en possession, selon leurs portions;
চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
8 [Pays consistant] en montagnes, et en plaines, et en campagnes, et en collines, et en [pays] de désert et de Midi; les Héthiens, les Amorrhéens, les Cananéens, les Phérésiens, les Héviens, et les Jébusiens.
ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
9 Un Roi de Jérico; un Roi de Haï, laquelle était à côté de Béthel;
ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
10 Un Roi de Jérusalem; un Roi de Hébron;
১০যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
11 Un Roi de Jarmuth; un Roi de Lakis;
১১যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
12 Un Roi d'Héglon; un Roi de Guézer;
১২ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
13 Un Roi de Débir; un Roi de Guéder;
১৩দবীৰৰ ৰজা, গেদৰৰ ৰজা,
14 Un Roi de Horma; un Roi de Harad;
১৪হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
15 Un Roi de Libna; un Roi de Hadullam;
১৫লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা,
16 Un Roi de Makkéda; un Roi de Béthel;
১৬মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
17 Un Roi de Tappuah; un Roi de Hépher;
১৭তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
18 Un Roi d'Aphek; un Roi de Saron;
১৮অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
19 Un Roi de Madon; un Roi de Hatsor;
১৯মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
20 Un Roi de Simron-Meron; un Roi d'Acsaph;
২০চিম্ৰোণ-মৰোণৰ ৰজা, অক্‌চফৰ ৰজা,
21 Un Roi de Tahanac; un Roi de Meguiddo;
২১তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
22 Un Roi de Kédès; un Roi de Joknéham de Carmel;
২২কেদচৰ ৰজা, কৰ্মিলত থকা যক্‌নীয়ামৰ ৰজা,
23 Un Roi de Dor, près de Naphoth-Dor; un Roi de Gojim, près de Guilgal;
২৩দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
24 Un Roi de Tirtsa; en tout trente et un Rois.
২৪অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷

< Josué 12 >