< בְּמִדְבַּר 18 >

וַיֹּ֤אמֶר יְהוָה֙ אֶֽל־אַהֲרֹ֔ן אַתָּ֗ה וּבָנֶ֤יךָ וּבֵית־אָבִ֙יךָ֙ אִתָּ֔ךְ תִּשְׂא֖וּ אֶת־עֲוֹ֣ן הַמִּקְדָּ֑שׁ וְאַתָּה֙ וּבָנֶ֣יךָ אִתָּ֔ךְ תִּשְׂא֖וּ אֶת־עֲוֹ֥ן כְּהֻנַּתְכֶֽם׃ 1
যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
וְגַ֣ם אֶת־אַחֶיךָ֩ מַטֵּ֨ה לֵוִ֜י שֵׁ֤בֶט אָבִ֙יךָ֙ הַקְרֵ֣ב אִתָּ֔ךְ וְיִלָּו֥וּ עָלֶ֖יךָ וִֽישָׁרְת֑וּךָ וְאַתָּה֙ וּבָנֶ֣יךָ אִתָּ֔ךְ לִפְנֵ֖י אֹ֥הֶל הָעֵדֻֽת׃ 2
আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।
וְשָֽׁמְרוּ֙ מִֽשְׁמַרְתְּךָ֔ וּמִשְׁמֶ֖רֶת כָּל־הָאֹ֑הֶל אַךְ֩ אֶל־כְּלֵ֨י הַקֹּ֤דֶשׁ וְאֶל־הַמִּזְבֵּ֙חַ֙ לֹ֣א יִקְרָ֔בוּ וְלֹֽא־יָמֻ֥תוּ גַם־הֵ֖ם גַּם־אַתֶּֽם׃ 3
তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।
וְנִלְו֣וּ עָלֶ֔יךָ וְשָֽׁמְר֗וּ אֶת־מִשְׁמֶ֙רֶת֙ אֹ֣הֶל מֹועֵ֔ד לְכֹ֖ל עֲבֹדַ֣ת הָאֹ֑הֶל וְזָ֖ר לֹא־יִקְרַ֥ב אֲלֵיכֶֽם׃ 4
তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
וּשְׁמַרְתֶּ֗ם אֵ֚ת מִשְׁמֶ֣רֶת הַקֹּ֔דֶשׁ וְאֵ֖ת מִשְׁמֶ֣רֶת הַמִּזְבֵּ֑חַ וְלֹֽא־יִהְיֶ֥ה עֹ֛וד קֶ֖צֶף עַל־בְּנֵ֥י יִשְׂרָאֵֽל׃ 5
ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।
וַאֲנִ֗י הִנֵּ֤ה לָקַ֙חְתִּי֙ אֶת־אֲחֵיכֶ֣ם הַלְוִיִּ֔ם מִתֹּ֖וךְ בְּנֵ֣י יִשְׂרָאֵ֑ל לָכֶ֞ם מַתָּנָ֤ה נְתֻנִים֙ לַֽיהוָ֔ה לַעֲבֹ֕ד אֶת־עֲבֹדַ֖ת אֹ֥הֶל מֹועֵֽד׃ 6
আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
וְאַתָּ֣ה וּבָנֶ֣יךָ אִ֠תְּךָ תִּשְׁמְר֨וּ אֶת־כְּהֻנַּתְכֶ֜ם לְכָל־דְּבַ֧ר הַמִּזְבֵּ֛חַ וּלְמִבֵּ֥ית לַפָּרֹ֖כֶת וַעֲבַדְתֶּ֑ם עֲבֹדַ֣ת מַתָּנָ֗ה אֶתֵּן֙ אֶת־כְּהֻנַּתְכֶ֔ם וְהַזָּ֥ר הַקָּרֵ֖ב יוּמָֽת׃ ס 7
এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
וַיְדַבֵּ֣ר יְהוָה֮ אֶֽל־אַהֲרֹן֒ וַאֲנִי֙ הִנֵּ֣ה נָתַ֣תִּֽי לְךָ֔ אֶת־מִשְׁמֶ֖רֶת תְּרוּמֹתָ֑י לְכָל־קָדְשֵׁ֣י בְנֵֽי־יִ֠שְׂרָאֵל לְךָ֙ נְתַתִּ֧ים לְמָשְׁחָ֛ה וּלְבָנֶ֖יךָ לְחָק־עֹולָֽם׃ 8
পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।
זֶֽה־יִהְיֶ֥ה לְךָ֛ מִקֹּ֥דֶשׁ הַקֳּדָשִׁ֖ים מִן־הָאֵ֑שׁ כָּל־קָ֠רְבָּנָם לְֽכָל־מִנְחָתָ֞ם וּלְכָל־חַטָּאתָ֗ם וּלְכָל־אֲשָׁמָם֙ אֲשֶׁ֣ר יָשִׁ֣יבוּ לִ֔י קֹ֣דֶשׁ קָֽדָשִׁ֥ים לְךָ֛ ה֖וּא וּלְבָנֶֽיךָ׃ 9
অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।
בְּקֹ֥דֶשׁ הַקֳּדָשִׁ֖ים תֹּאכֲלֶ֑נּוּ כָּל־זָכָר֙ יֹאכַ֣ל אֹתֹ֔ו קֹ֖דֶשׁ יִֽהְיֶה־לָּֽךְ׃ 10
১০সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
וְזֶה־לְּךָ֞ תְּרוּמַ֣ת מַתָּנָ֗ם לְכָל־תְּנוּפֹת֮ בְּנֵ֣י יִשְׂרָאֵל֒ לְךָ֣ נְתַתִּ֗ים וּלְבָנֶ֧יךָ וְלִבְנֹתֶ֛יךָ אִתְּךָ֖ לְחָק־עֹולָ֑ם כָּל־טָהֹ֥ור בְּבֵיתְךָ֖ יֹאכַ֥ל אֹתֹֽו׃ 11
১১আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
כֹּ֚ל חֵ֣לֶב יִצְהָ֔ר וְכָל־חֵ֖לֶב תִּירֹ֣ושׁ וְדָגָ֑ן רֵאשִׁיתָ֛ם אֲשֶׁר־יִתְּנ֥וּ לַֽיהוָ֖ה לְךָ֥ נְתַתִּֽים׃ 12
১২তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
בִּכּוּרֵ֞י כָּל־אֲשֶׁ֧ר בְּאַרְצָ֛ם אֲשֶׁר־יָבִ֥יאוּ לַיהוָ֖ה לְךָ֣ יִהְיֶ֑ה כָּל־טָהֹ֥ור בְּבֵיתְךָ֖ יֹאכֲלֶֽנּוּ׃ 13
১৩তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
כָּל־חֵ֥רֶם בְּיִשְׂרָאֵ֖ל לְךָ֥ יִהְיֶֽה׃ 14
১৪ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।
כָּל־פֶּ֣טֶר רֶ֠חֶם לְֽכָל־בָּשָׂ֞ר אֲשֶׁר־יַקְרִ֧יבוּ לַֽיהוָ֛ה בָּאָדָ֥ם וּבַבְּהֵמָ֖ה יִֽהְיֶה־לָּ֑ךְ אַ֣ךְ ׀ פָּדֹ֣ה תִפְדֶּ֗ה אֵ֚ת בְּכֹ֣ור הָֽאָדָ֔ם וְאֵ֛ת בְּכֹֽור־הַבְּהֵמָ֥ה הַטְּמֵאָ֖ה תִּפְדֶּֽה׃ 15
১৫মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।
וּפְדוּיָו֙ מִבֶּן־חֹ֣דֶשׁ תִּפְדֶּ֔ה בְּעֶ֨רְכְּךָ֔ כֶּ֛סֶף חֲמֵ֥שֶׁת שְׁקָלִ֖ים בְּשֶׁ֣קֶל הַקֹּ֑דֶשׁ עֶשְׂרִ֥ים גֵּרָ֖ה הֽוּא׃ 16
১৬সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মোকলাই দিব লগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা; সেয়ে বিশ গেৰাই এক চেকল হয়।
אַ֣ךְ בְּֽכֹור־שֹׁ֡ור אֹֽו־בְכֹ֨ור כֶּ֜שֶׂב אֹֽו־בְכֹ֥ור עֵ֛ז לֹ֥א תִפְדֶּ֖ה קֹ֣דֶשׁ הֵ֑ם אֶת־דָּמָ֞ם תִּזְרֹ֤ק עַל־הַמִּזְבֵּ֙חַ֙ וְאֶת־חֶלְבָּ֣ם תַּקְטִ֔יר אִשֶּׁ֛ה לְרֵ֥יחַ נִיחֹ֖חַ לַֽיהוָֽה׃ 17
১৭কিন্তু গৰুৰ বা মেৰ-ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
וּבְשָׂרָ֖ם יִהְיֶה־לָּ֑ךְ כַּחֲזֵ֧ה הַתְּנוּפָ֛ה וּכְשֹׁ֥וק הַיָּמִ֖ין לְךָ֥ יִהְיֶֽה׃ 18
১৮সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।
כֹּ֣ל ׀ תְּרוּמֹ֣ת הַקֳּדָשִׁ֗ים אֲשֶׁ֨ר יָרִ֥ימוּ בְנֵֽי־יִשְׂרָאֵל֮ לַֽיהוָה֒ נָתַ֣תִּֽי לְךָ֗ וּלְבָנֶ֧יךָ וְלִבְנֹתֶ֛יךָ אִתְּךָ֖ לְחָק־עֹולָ֑ם בְּרִית֩ מֶ֨לַח עֹולָ֥ם הִוא֙ לִפְנֵ֣י יְהוָ֔ה לְךָ֖ וּלְזַרְעֲךָ֥ אִתָּֽךְ׃ 19
১৯ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
וַיֹּ֨אמֶר יְהוָ֜ה אֶֽל־אַהֲרֹ֗ן בְּאַרְצָם֙ לֹ֣א תִנְחָ֔ל וְחֵ֕לֶק לֹא־יִהְיֶ֥ה לְךָ֖ בְּתֹוכָ֑ם אֲנִ֤י חֶלְקְךָ֙ וְנַחֲלָ֣תְךָ֔ בְּתֹ֖וךְ בְּנֵ֥י יִשְׂרָאֵֽל׃ ס 20
২০পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
וְלִבְנֵ֣י לֵוִ֔י הִנֵּ֥ה נָתַ֛תִּי כָּל־מֽ͏ַעֲשֵׂ֥ר בְּיִשְׂרָאֵ֖ל לְנַחֲלָ֑ה חֵ֤לֶף עֲבֹֽדָתָם֙ אֲשֶׁר־הֵ֣ם עֹֽבְדִ֔ים אֶת־עֲבֹדַ֖ת אֹ֥הֶל מֹועֵֽד׃ 21
২১আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
וְלֹא־יִקְרְב֥וּ עֹ֛וד בְּנֵ֥י יִשְׂרָאֵ֖ל אֶל־אֹ֣הֶל מֹועֵ֑ד לָשֵׂ֥את חֵ֖טְא לָמֽוּת׃ 22
২২আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।
וְעָבַ֨ד הַלֵּוִ֜י ה֗וּא אֶת־עֲבֹדַת֙ אֹ֣הֶל מֹועֵ֔ד וְהֵ֖ם יִשְׂא֣וּ עֲוֹנָ֑ם חֻקַּ֤ת עֹולָם֙ לְדֹרֹ֣תֵיכֶ֔ם וּבְתֹוךְ֙ בְּנֵ֣י יִשְׂרָאֵ֔ל לֹ֥א יִנְחֲל֖וּ נַחֲלָֽה׃ 23
২৩কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
כִּ֞י אֶת־מַעְשַׂ֣ר בְּנֵֽי־יִשְׂרָאֵ֗ל אֲשֶׁ֨ר יָרִ֤ימוּ לֽ͏ַיהוָה֙ תְּרוּמָ֔ה נָתַ֥תִּי לַלְוִיִּ֖ם לְנַחֲלָ֑ה עַל־כֵּן֙ אָמַ֣רְתִּי לָהֶ֔ם בְּתֹוךְ֙ בְּנֵ֣י יִשְׂרָאֵ֔ל לֹ֥א יִנְחֲל֖וּ נַחֲלָֽה׃ פ 24
২৪কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাকে মই লেবীয়াসকলৰ উত্তৰাধীকাৰ স্ৱৰূপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”
וַיְדַבֵּ֥ר יְהוָ֖ה אֶל־מֹשֶׁ֥ה לֵּאמֹֽר׃ 25
২৫পাছত যিহোৱাই মোচিক কলে,
וְאֶל־הַלְוִיִּ֣ם תְּדַבֵּר֮ וְאָמַרְתָּ֣ אֲלֵהֶם֒ כִּֽי־תִ֠קְחוּ מֵאֵ֨ת בְּנֵֽי־יִשְׂרָאֵ֜ל אֶת־הַֽמַּעֲשֵׂ֗ר אֲשֶׁ֨ר נָתַ֧תִּי לָכֶ֛ם מֵאִתָּ֖ם בְּנַחֲלַתְכֶ֑ם וַהֲרֵמֹתֶ֤ם מִמֶּ֙נּוּ֙ תְּרוּמַ֣ת יְהוָ֔ה מַעֲשֵׂ֖ר מִן־הַֽמַּעֲשֵֽׂר׃ 26
২৬“তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।
וְנֶחְשַׁ֥ב לָכֶ֖ם תְּרוּמַתְכֶ֑ם כַּדָּגָן֙ מִן־הַגֹּ֔רֶן וְכַֽמְלֵאָ֖ה מִן־הַיָּֽקֶב׃ 27
২৭তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
כֵּ֣ן תָּרִ֤ימוּ גַם־אַתֶּם֙ תְּרוּמַ֣ת יְהוָ֔ה מִכֹּל֙ מַעְשְׂרֹ֣תֵיכֶ֔ם אֲשֶׁ֣ר תִּקְח֔וּ מֵאֵ֖ת בְּנֵ֣י יִשְׂרָאֵ֑ל וּנְתַתֶּ֤ם מִמֶּ֙נּוּ֙ אֶת־תְּרוּמַ֣ת יְהוָ֔ה לְאַהֲרֹ֖ן הַכֹּהֵֽן׃ 28
২৮তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা।
מִכֹּל֙ מַתְּנֹ֣תֵיכֶ֔ם תָּרִ֕ימוּ אֵ֖ת כָּל־תְּרוּמַ֣ת יְהוָ֑ה מִכָּל־חֶלְבֹּ֔ו אֶֽת־מִקְדְּשֹׁ֖ו מִמֶּֽנּוּ׃ 29
২৯যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
וְאָמַרְתָּ֖ אֲלֵהֶ֑ם בַּהֲרִֽימְכֶ֤ם אֶת־חֶלְבֹּו֙ מִמֶּ֔נּוּ וְנֶחְשַׁב֙ לַלְוִיִּ֔ם כִּתְבוּאַ֥ת גֹּ֖רֶן וְכִתְבוּאַ֥ת יָֽקֶב׃ 30
৩০এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।
וַאֲכַלְתֶּ֤ם אֹתֹו֙ בְּכָל־מָקֹ֔ום אַתֶּ֖ם וּבֵֽיתְכֶ֑ם כִּֽי־שָׂכָ֥ר הוּא֙ לָכֶ֔ם חֵ֥לֶף עֲבֹֽדַתְכֶ֖ם בְּאֹ֥הֶל מֹועֵֽד׃ 31
৩১তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।
וְלֹֽא־תִשְׂא֤וּ עָלָיו֙ חֵ֔טְא בַּהֲרִֽימְכֶ֥ם אֶת־חֶלְבֹּ֖ו מִמֶּ֑נּוּ וְאֶת־קָדְשֵׁ֧י בְנֵי־יִשְׂרָאֵ֛ל לֹ֥א תְחַלְּל֖וּ וְלֹ֥א תָמֽוּתוּ׃ פ 32
৩২আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”

< בְּמִדְבַּר 18 >