< תְהִלִּים 11 >

לַמְנַצֵּ֗חַ לְדָ֫וִ֥ד בַּֽיהוָ֨ה ׀ חָסִ֗יתִי אֵ֭יךְ תֹּאמְר֣וּ לְנַפְשִׁ֑י נוּדוּ (נ֝֗וּדִי) הַרְכֶ֥ם צִפֹּֽור׃ 1
মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
כִּ֤י הִנֵּ֪ה הָרְשָׁעִ֡ים יִדְרְכ֬וּן קֶ֗שֶׁת כֹּונְנ֣וּ חִצָּ֣ם עַל־יֶ֑תֶר לִירֹ֥ות בְּמֹו־אֹ֝֗פֶל לְיִשְׁרֵי־לֵֽב׃ 2
কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে।
כִּ֣י הַ֭שָּׁתֹות יֵֽהָרֵס֑וּן צַ֝דִּ֗יק מַה־פָּעָֽל׃ 3
যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?
יְהוָ֤ה ׀ בְּֽהֵ֘יכַ֤ל קָדְשֹׁ֗ו יְהוָה֮ בַּשָּׁמַ֪יִם כִּ֫סְאֹ֥ו עֵינָ֥יו יֶחֱז֑וּ עַפְעַפָּ֥יו יִ֝בְחֲנ֗וּ בְּנֵ֣י אָדָֽם׃ 4
কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।
יְהוָה֮ צַדִּ֪יק יִ֫בְחָ֥ן וְ֭רָשָׁע וְאֹהֵ֣ב חָמָ֑ס שָֽׂנְאָ֥ה נַפְשֹֽׁו׃ 5
যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
יַמְטֵ֥ר עַל־רְשָׁעִ֗ים פַּ֫חִ֥ים אֵ֣שׁ וְ֭גָפְרִית וְר֥וּחַ זִלְעָפֹ֗ות מְנָ֣ת כֹּוסָֽם׃ 6
তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
כִּֽי־צַדִּ֣יק יְ֭הוָה צְדָקֹ֣ות אָהֵ֑ב יָ֝שָׁ֗ר יֶחֱז֥וּ פָנֵֽימֹו׃ 7
যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।

< תְהִלִּים 11 >