< Psalmorum 124 >

1 Canticum graduum. Nisi quia Dominus erat in nobis, dicat nunc Israel:
ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
2 nisi quia Dominus erat in nobis, Cum exurgerent homines in nos,
শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
3 forte vivos deglutissent nos: Cum irasceretur furor eorum in nos,
তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
4 forsitan aqua absorbuisset nos.
তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;
5 Torrentem pertransivit anima nostra: forsitan pertransisset anima nostra aquam intolerabilem.
ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।
6 Benedictus Dominus qui non dedit nos, in captionem dentibus eorum.
ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে।
7 Anima nostra sicut passer erepta est de laqueo venantium: Laqueus contritus est, et nos liberati sumus.
আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।
8 Adiutorium nostrum in nomine Domini, qui fecit cælum et terram.
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।

< Psalmorum 124 >