< Apostlenes-gjerninge 17 >

1 Då dei hadde fare gjenom Amfipolis og Apollonia, kom dei til Tessalonika, der jødarne hadde synagoga.
ইয়াৰ পাছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নাম-ঘৰ আছিল।
2 Som Paulus’ sedvane var, gjekk han inn til deim, og tri kviledagar tala han med deim ut or skrifterne
পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
3 og tydde og greidde ut, at Messias skulde lida og standa upp frå dei daude, og sagde: «Dette er Messias, den Jesus som eg forkynner dykk.»
তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
4 Og nokre av deim vart yvertydde og heldt seg til Paulus og Silas, og like eins ein stor mengd av dei grækarar som dyrka Gud, og ikkje få av dei fremste kvinnorne.
তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
5 Men jødarne vart fulle av brennhug og tok med seg nokre låke menneskje av deim som rak på torget, og gjorde eit upplaup og sette byen i røra. Og dei trengde seg fram imot Jasons hus og søkte å få deim ut til folket.
কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
6 Men då dei ikkje fann deim, drog dei Jason og nokre av brørne fram for byretten og ropa: «Desse som hev sett heile mannheimen i upprør, dei er og komne hit,
কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
7 og Jason hev teke imot deim. Og alle desse gjer beint imot keisarens lovbod, og segjer at ein annan er konge, og det er Jesus.»
আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
8 Og dei fekk skræmt upp folket og byretten, då dei høyrde dette.
এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
9 Og då dei hadde late Jason og dei andre ganga i borg for deim, let dei deim lause.
তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
10 Men brørne sende straks um natti både Paulus og Silas av stad til Berøa, og då dei kom dit, gjekk dei burt i synagoga til jødarne.
১০সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
11 Men desse var gjævare enn dei i Tessalonika, og dei tok imot ordet med all godvilje og ransaka dag etter dag i skrifterne um dette hadde seg soleis.
১১থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
12 Mange av dei kom då til trui, og ikkje få av dei fornæme græske kvinnor og menner.
১২ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।
13 Men då jødarne i Tessalonika fekk vita at Paulus forkynte Guds ord i Berøa og, kom dei og dit og eggja upp folket.
১৩কিন্তু পৌলে বিৰয়ালৈ আহি ঈশ্বৰৰ বাক্য প্রচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিচলনীকিৰ ইহুদী সকল সেই ঠাইলৈ আহি লোক সকলক উত্তেজিত কৰিলে।
14 Straks sende då brørne Paulus burt på vegen til havet; men både Silas og Timoteus vart att der.
১৪ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
15 Dei som fylgde Paulus, førde honom til Aten og drog so derifrå med det bodet til Silas og Timoteus, at dei skulde koma til honom so snart som råd var.
১৫যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
16 Medan no Paulus venta på deim i Aten, harmast hans ånd i honom, då han såg at byen var full av avgudsbilæte.
১৬আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
17 Han samtala då i synagoga med jødarne og deim som dyrka Gud, og på torget kvar dag med deim han råka på.
১৭সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
18 Nokre av dei epikureiske og stoiske vismennerne gav seg i ordskifte med honom, og sume sagde: «Kva er det denne ordgytaren vil segja?» Men andre sagde: «Han synest vera talsmann for framande guddomar; » - for han forkynte deim evangeliet um Jesus og uppstoda.
১৮তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
19 So tok dei honom i handi og førde honom upp til Areopagus og sagde: «Kann me få vita kva det er for ei ny læra, dette som du talar um?
১৯তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
20 For det er underlege ting du fører oss for øyro. Difor vil me få vita kva dette skal tyda.»
২০কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
21 Men alle atenarar og dei framande som budde der, gav seg ikkje stunder til anna enn å fortelja eller høyra nytt.
২১আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
22 So stod då Paulus fram midt på Areopagus og sagde: «De ateniske menner! Eg ser at de i alle måtar er mykje annsame i dykkar gudsdyrking;
২২তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
23 for då eg gjekk ikring og såg på heilagdomarne dykkar, fann eg og eit altar med den innskrifti: «For ein ukjend Gud.» Det som de då dyrkar utan å kjenna det, dette forkynner eg dykk.
২৩কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
24 Gud, han som gjorde verdi og alt det som i henne er, han som er herre yver himmel og jord, han bur ikkje i tempel som er gjorde med hender,
২৪ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
25 ikkje heller tek han tenesta av menneskjehender, som um han hadde trong til nokon ting, for han sjølv gjev alle liv og ande og alle ting;
২৫মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
26 og han hev late alle folkeslag av eitt blod bu yver heile jordkringen og fastsett deim visse tider og landemerke for deira bustad,
২৬এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
27 for at dei skulde leita etter Gud, um dei då kunde kjenna og finna honom, endå han ikkje er langt burte frå nokon einaste av oss.
২৭সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
28 For i honom er det me liver og rører oss og er til, som og nokre av skaldarne dykkar hev sagt: «For me er ogso hans ætt.»
২৮কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
29 Når me då er Guds ætt, må me ikkje tru at guddomen er lik gull eller sylv eller stein, eit bilæte av menneskjeleg kunst og tanke.
২৯আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
30 Etter at Gud då hev havt tol med dei tidar då vankunna rådde, so byd han no alle menneskje alle stader at dei skal umvenda seg,
৩০এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
31 etter som han hev fastsett ein dag då han vil døma mannheimen med rettferd ved ein mann som han fyreskipa til det, etter at han hadde gjeve jarteigner for alle med å reisa honom upp frå dei daude.»
৩১কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
32 Men då dei høyrde um uppstoda av daude, spotta nokre, men andre sagde: «Me vil høyra deg ein gong til um dette.»
৩২আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
33 So gjekk då Paulus burt ifrå deim.
৩৩ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
34 Men nokre menner heldt seg til honom og kom til tru, millom deim ogso Dionysius, ein av domarane på Areopagus, og ei kvinna med namnet Damaris og andre med deim.
৩৪কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসী সকলৰ মাজত আৰেয়পাগৰ সদস্য দিয়নুচিয়, দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।

< Apostlenes-gjerninge 17 >