< اول سموئیل 17 >

و فلسطینیان لشکر خود را برای جنگ جمع نموده، در سوکوه که در یهودیه است، جمع شدند، و در میان سوکوه و عزیقه درافس دمیم اردو زدند. ۱ 1
পলেষ্টীয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খোৱালে। যিহূদাৰ অধিকাৰত থকা চোকোত তেওঁলোক একে লগ হ’ল। চোকো আৰু অজেকাৰ মাজত এফচদম্মীমত ছাউনি পাতিলে।
و شاول و مردان اسرائیل جمع شده، در دره ایلاه اردو زده، به مقابله فلسطینیان صف آرایی کردند. ۲ 2
চৌল আৰু ইস্ৰায়েলৰ লোকসকলে গোট খাই এলা উপত্যকাত ছাউনি পাতিলে আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে।
و فلسطینیان برکوه از یک طرف ایستادند، و اسرائیلیان بر کوه به طرف دیگر ایستادند، و دره در میان ایشان بود. ۳ 3
তাতে পলেষ্টীয়াসকলে এফালে এটা পৰ্বতত আৰু ইস্ৰায়েলসকলে আনফালে আন এটা পৰ্বতত থিয় হ’ল, আৰু উভয়ৰে মাজত এক উপত্যকা আছিল।
و از اردوی فلسطینیان مرد مبارزی مسمی به جلیات که از شهر جت بود بیرون آمد، و قدش شش ذراع و یک وجب بود. ۴ 4
তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
و بر سر خود، خودبرنجینی داشت و به زره فلسی ملبس بود، و وزن زره‌اش پنج هزار مثقال برنج بود. ۵ 5
তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আছিল, আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল আৰু সেই কবচৰ ওজন পাঁচ হাজাৰ চেকল আছিল।
و بر ساقهایش ساق بندهای برنجین و در میان کتفهایش مزراق برنجین بود. ۶ 6
তেওঁৰ ভৰি পিতলৰ পতাৰে আবৃত আছিল আৰু তেওঁৰ দুই কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠী আছিল।
و چوب نیزه‌اش مثل نوردجولاهگان و سرنیزه‌اش ششصد مثقال آهن بود، و سپردارش پیش او می‌رفت. ۷ 7
তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।
و او ایستاده، افواج اسرائیل را صدا زد و به ایشان گفت: «چرابیرون آمده، صف آرایی نمودید؟ آیا من فلسطینی نیستم و شما بندگان شاول؟ برای خودشخصی برگزینید تا نزد من درآید. ۸ 8
তেওঁ আহি থিয় হ’ল আৰু ইস্ৰায়েলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক’লে, “তহতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টীয়া নহওঁ? আৰু তহঁত জানো চৌলৰ দাস নহয়? তহঁতে নিজৰ বাবে এজন মানুহ বাচি ল’ আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে।
اگر او بتواندبا من جنگ کرده، مرا بکشد، ما بندگان شماخواهیم شد، و اگر من بر او غالب آمده، او رابکشم شما بندگان ما شده، ما را بندگی خواهیدنمود.» ۹ 9
সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
و فلسطینی گفت: «من امروز فوجهای اسرائیل را به ننگ می‌آورم، شخصی به من بدهیدتا با هم جنگ نماییم.» ۱۰ 10
১০পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
و چون شاول و جمیع اسرائیلیان این سخنان فلسطینی را شنیدندهراسان شده، بسیار بترسیدند. ۱۱ 11
১১যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
و داود پسر آن مرد افراتی بیت لحم یهودابود که یسا نام داشت، و او را هشت پسر بود، و آن مرد در ایام شاول در میان مردمان پیر و سالخورده بود. ۱۲ 12
১২দায়ুদ যিহূদাৰ বৈৎলেহেম নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
و سه پسر بزرگ یسا روانه شده، در عقب شاول به جنگ رفتند و اسم سه پسرش که به جنگ رفته بودند: نخست زاده‌اش الیاب و دومش ابیناداب و سوم شماه بود. ۱۳ 13
১৩যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
و داود کوچکتر بودو آن سه بزرگ در عقب شاول رفته بودند. ۱۴ 14
১৪দায়ুদ সকলোতকৈ সৰু আছিল। আৰু ডাঙৰ তিনিজন চৌলৰ পাছত চলোঁতা আছিল।
و داود از نزد شاول آمد و رفت می‌کرد تا گوسفندان پدر خود را در بیت لحم بچراند. ۱۵ 15
১৫কিন্তু দায়ূদে চৌলৰ ওচৰৰ পৰা আহি বৈৎলেহেমত থকা পিতৃৰ মেৰ-ছাগ চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল।
و آن فلسطینی صبح و شام می‌آمد و چهل روز خود راظاهر می‌ساخت. ۱۶ 16
১৬তাতে সেই পলেষ্টীয়া মানুহজনে চল্লিশ দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল।
و یسا به پسر خود داود گفت: «الان به جهت برادرانت یک ایفه از این غله برشته و این ده قرص نان را بگیر و به اردو نزد برادرانت بشتاب. ۱۷ 17
১৭সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”
و این ده قطعه پنیر را برای سردار هزاره ایشان ببر و از سلامتی برادرانت بپرس و از ایشان نشانی‌ای بگیر.» ۱۸ 18
১৮এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
و شاول و آنها و جمیع مردان اسرائیل دردره ایلاه بودند و با فلسطینیان جنگ می‌کردند. ۱۹ 19
১৯চৌল আৰু তেওঁলোকৰ লগতে ইস্ৰায়েলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি আছে।
پس داود بامدادان برخاسته، گله را به‌دست چوپان واگذاشت و برداشته، چنانکه یسا او را امرفرموده بود برفت، و به سنگر اردو رسید وقتی که لشکر به میدان بیرون رفته، برای جنگ نعره می‌زدند. ۲۰ 20
২০পাছত দায়ূদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ-ছাগবোৰ এজন ৰখীয়াৰ হাতত গতাই দিলে আৰু পিতৃ যিচয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ’ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণ-ধ্বনি কৰিছিল, সেই সময়তে তেওঁ ছাউনি আহি পাইছিল।
و اسرائیلیان و فلسطینیان لشکر به مقابل لشکر صف آرایی کردند. ۲۱ 21
২১তেতিয়া ইস্ৰায়েল আৰু পলেষ্টীয়াসকলে সন্মুখা-সন্মুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল।
و داود اسبابی را که داشت به‌دست نگاهبان اسباب سپرد و به سوی لشکر دویده، آمد و سلامتی برادران خودرا بپرسید. ۲۲ 22
২২পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
و چون با ایشان گفتگو می‌کرد اینک آن مرد مبارز فلسطینی جتی که اسمش جلیات بود از لشکر فلسطینیان برآمده، مثل پیش سخن گفت و داود شنید. ۲۳ 23
২৩আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
و جمیع مردان اسرائیل چون آن مرد رادیدند، از حضورش فرار کرده، بسیار ترسیدند. ۲۴ 24
২৪যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
و مردان اسرائیل گفتند: «آیا این مرد را که برمی آید، دیدید؟ یقین برای به ننگ‌آوردن اسرائیل برمی آید و هر‌که او را بکشد، پادشاه اورا از مال فراوان دولتمند سازد، و دختر خود را به او دهد، و خانه پدرش را در اسرائیل آزاد خواهدساخت.» ۲۵ 25
২৫আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
و داود کسانی را که نزد او ایستاده بودند خطاب کرده، گفت: «به شخصی که این فلسطینی را بکشد و این ننگ را از اسرائیل برداردچه خواهد شد؟ زیرا که این فلسطینی نامختون کیست که لشکرهای خدای حی را به ننگ‌آورد؟» ۲۶ 26
২৬তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
و قوم او را به همین سخنان خطاب کرده، گفتند: «به شخصی که او را بکشد، چنین خواهد شد.» ۲۷ 27
২৭তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক’লে, “তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ’ব।”
و چون با مردمان سخن می‌گفتند برادربزرگش الیاب شنید و خشم الیاب بر داودافروخته شده، گفت: «برای چه اینجا آمدی و آن گله قلیل را در بیابان نزد که گذاشتی؟ من تکبر وشرارت دل تو را می‌دانم زیرا برای دیدن جنگ آمده‌ای.» ۲۸ 28
২৮লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”
داود گفت: «الان چه کردم آیا سببی نیست؟» ۲۹ 29
২৯দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
پس از وی به طرف دیگری روگردانیده، به همین طور گفت و مردمان او را مثل پیشتر جواب دادند. ۳۰ 30
৩০তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।
و چون سخنانی که داود گفت، مسموع شد، شاول را مخبر ساختند و او وی را طلبید. ۳۱ 31
৩১দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
و داود به شاول گفت: «دل کسی به‌سبب اونیفتد. بنده ات می‌رود و با این فلسطینی جنگ می‌کند.» ۳۲ 32
৩২পাছত দায়ূদে চৌলক ক’লে, “তেওঁৰ বাবে কাৰো মন হতাশ নহওক; আপোনাৰ এই দাসে গৈ সেই পলেষ্টীয়াজনৰ লগত যুদ্ধ কৰিব।”
شاول به داود گفت: «تو نمی توانی به مقابل این فلسطینی بروی تا با وی جنگ نمایی زیرا که تو جوان هستی و او از جوانیش مردجنگی بوده است.» ۳۳ 33
৩৩চৌলে দায়ূদক ক’লে, “তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।”
داود به شاول گفت: «بنده ات گله پدر خود را می‌چراند که شیر وخرسی آمده، بره‌ای از گله ربودند. ۳۴ 34
৩৪কিন্তু দায়ূদে চৌলক ক’লে, “আপোনাৰ এই দাসে পিতৃৰ মেৰ-ছাগ চৰাওঁতে, এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ-ছাগ ধৰি লওঁতে;
و من آن راتعاقب نموده، کشتم و از دهانش رهانیدم و چون به طرف من بلند شد، ریش او را گرفته، او را زدم وکشتم. ۳۵ 35
৩৫মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ-ছাগ ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
بنده ات هم شیر و هم خرس را کشت، واین فلسطینی نامختون مثل یکی از آنها خواهدبود، چونکه لشکرهای خدای حی را به تنگ آورده است. ۳۶ 36
৩৬আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
و داود گفت: خداوند که مرا از چنگ شیر و از چنگ خرس رهانید، مرا از دست این فلسطینی خواهد رهانید.» و شاول به داودگفت: «برو و خداوند با تو باد.» ۳۷ 37
৩৭দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
و شاول لباس خود را به داود پوشانید وخود برنجینی بر سرش نهاد و زره‌ای به اوپوشانید. ۳۸ 38
৩৮চৌলে নিজৰ সাজেৰে দায়ূদক সজাই তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আৰু গাত কবচ পিন্ধালে।
و داود شمشیرش را بر لباس خودبست و می‌خواست که برود زیرا که آنها رانیازموده بود و داود به شاول گفت: «با اینهانمی توانم رفت چونکه نیازموده‌ام.» پس داود آنهارا از بر خود بیرون آورد. ۳۹ 39
৩৯তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।
و چوب دستی خودرا به‌دست گرفته، پنج سنگ مالیده، از نهر سواکرد، و آنها را در کیسه شبانی که داشت، یعنی درانبان خود گذاشت و فلاخنش را به‌دست گرفته، به آن فلسطینی نزدیک شد. ۴۰ 40
৪০তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
و آن فلسطینی همی آمد تا به داود نزدیک شد و مردی که سپرش را برمی داشت پیش رویش می‌آمد. ۴۱ 41
৪১তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।
و فلسطینی نظر افکنده، داودرا دید و او را حقیر شمرد زیرا جوانی خوشرو ونیکومنظر بود. ۴۲ 42
৪২তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
و فلسطینی به داود گفت: «آیامن سگ هستم که با چوب دستی نزد من می‌آیی؟» و فلسطینی داود را به خدایان خود لعنت کرد. ۴۳ 43
৪৩তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।
و فلسطینی به داود گفت: «نزد من بیا تا گوشت تو را به مرغان هوا و درندگان صحرا بدهم.» ۴۴ 44
৪৪পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”
داود به فلسطینی گفت: «تو با شمشیر و نیزه و مزراق نزد من می‌آیی اما من به اسم یهوه صبایوت، خدای لشکرهای اسرائیل که او را به ننگ‌آورده‌ای نزد تو می‌آیم. ۴۵ 45
৪৫দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
و خداوند امروزتو را به‌دست من تسلیم خواهد کرد و تو را زده، سر تو را از تنت جدا خواهم کرد، و لاشه های لشکر فلسطینیان را امروز به مرغان هوا و درندگان زمین خواهم داد تا تمامی زمین بدانند که دراسرائیل خدایی هست. ۴۶ 46
৪৬আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টীয়াসকলৰ সৈন্য সমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
و تمامی این جماعت خواهند دانست که خداوند به شمشیر و نیزه خلاصی نمی دهد زیرا که جنگ از آن خداونداست و او شما را به‌دست ما خواهد داد.» ۴۷ 47
৪৭আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
و چون فلسطینی برخاسته، پیش آمد و به مقابله داود نزدیک شد، داود شتافته، به مقابله فلسطینی به سوی لشکر دوید. ۴۸ 48
৪৮পাছত সেই পলেষ্টীয়াই আগবাঢ়ি আহি দায়ূদক লগ পাবলৈ বিচাৰোতে, দায়ূদেও বেগাই পলেষ্টীয়াজনক লগ পাবৰ বাবে সেনাবাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ’ল।
و داود دست خود را به کیسه‌اش برد و سنگی از آن گرفته، ازفلاخن انداخت و به پیشانی فلسطینی زد، و سنگ به پیشانی او فرو رفت که بر روی خود بر زمین افتاد. ۴۹ 49
৪৯তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।
پس داود بر فلسطینی با فلاخن و سنگ غالب آمده، فلسطینی را زد و کشت و در دست داود شمشیری نبود. ۵۰ 50
৫০এইদৰে দায়ূদে এগছ ফিঙ্গা আৰু এটা শিলেৰে সেই পলেষ্টীয়াজনক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে; কিন্তু দায়ূদৰ হাতত তৰোৱাল নাছিল।
و داود دویده، بر آن فلسطینی‌ایستاد، و شمشیر او را گرفته، ازغلافش کشید و او را کشته، سرش را با آن از تنش جدا کرد، و چون فلسطینیان، مبارز خود را کشته دیدند، گریختند. ۵۱ 51
৫১তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
و مردان اسرائیل و یهودابرخاستند و نعره زده، فلسطینیان را تا جت و تادروازه های عقرون تعاقب نمودند و مجروحان فلسطینیان به راه شعریم تا به جت و عقرون افتادند. ۵۲ 52
৫২তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
و بنی‌اسرائیل از تعاقب نمودن فلسطینیان برگشتند و اردوی ایشان را غارت نمودند. ۵۳ 53
৫৩পাছত ইস্ৰায়েলৰ সন্তান সকলে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভটি আহি সিহঁতৰ ছাউনি লুট কৰিলে।
و داود سر فلسطینی را گرفته، به اورشلیم آورد اما اسلحه او را در خیمه خودگذاشت. ۵۴ 54
৫৪আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
و چون شاول داود را دید که به مقابله فلسطینی بیرون می‌رود، به‌سردار لشکرش ابنیرگفت: «ای ابنیر، این جوان پسر کیست؟» ابنیر گفت: «ای پادشاه به‌جان تو قسم که نمی دانم.» ۵۵ 55
৫৫সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”
پادشاه گفت: «بپرس که این جوان پسر کیست.» ۵۶ 56
৫৬পাছত ৰজাই ক’লে, “তুমি সোধাচোন, সেই যুৱকজন কাৰ পুত্র হয়?”
و چون داود از کشتن فلسطینی برگشت، ابنیراو را گرفته، به حضور شاول آورد، و سر آن فلسطینی در دستش بود. ۵۷ 57
৫৭পাছত দায়ূদে যেতিয়া পলেষ্টীয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ’ল আৰু তেওঁৰ হাতত তেতিয়া পলেষ্টীয়াজনৰ মূৰ আছিল।
و شاول وی را گفت: «ای جوان تو پسر کیستی؟» داود گفت: «پسربنده ات، یسای بیت لحمی، هستم.» ۵۸ 58
৫৮তাতে চৌলে তেওঁক সুধিলে, “হে ডেকা, তুমি কাৰ পুত্র?” দায়ূদে উত্তৰ দিলে, “মই আপোনাৰ দাস বৈৎলেহেমীয়া যিচয়ৰ পুত্র।”

< اول سموئیل 17 >