< Левит 26 >

1 Не делайте себе кумиров и изваяний, и столбов не ставьте у себя, и камней с изображениями не кладите в земле вашей, чтобы кланяться пред ними, ибо Я Господь Бог ваш.
“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
2 Субботы Мои соблюдайте и святилище Мое чтите: Я Господь.
তোমালোকে মোৰ বিশ্ৰাম-বাৰ পালন কৰিবা, আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
3 Если вы будете поступать по уставам Моим и заповеди Мои будете хранить и исполнять их,
যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য কৰা,
4 то Я дам вам дожди в свое время, и земля даст произрастения свои, и дерева полевые дадут плод свой;
তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভুমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব।
5 и молотьба хлеба будет достигать у вас собирания винограда, собирание винограда будет достигать посева, и будете есть хлеб свой досыта, и будете жить на земле вашей безопасно;
তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা।
6 пошлю мир на землю вашу, ляжете, и никто вас не обеспокоит, сгоню лютых зверей с земли вашей, и меч не пройдет по земле вашей;
আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।
7 и будете прогонять врагов ваших, и падут они пред вами от меча;
তোমালোকে তোমালোকৰ শত্ৰুবোৰক খেদি দিবা, আৰু তোমালোকৰ আগতে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
8 пятеро из вас прогонят сто, и сто из вас прогонят тьму, и падут враги ваши пред вами от меча;
আৰু তোমালোকৰ পাঁচজনে এশ জনক আৰু তোমালোকৰ এশজনে দহ হাজাৰ জনক খেদি দিব, আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ’ব।
9 призрю на вас и благословлю вас, и плодородными сделаю вас, и размножу вас, и буду тверд в завете Моем с вами;
মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম।
10 и будете есть старое прошлогоднее, и выбросите старое ради нового;
১০আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা।
11 и поставлю жилище Мое среди вас, и душа Моя не возгнушается вами;
১১মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব।
12 и буду ходить среди вас и буду вашим Богом, а вы будете Моим народом.
১২আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰি, তোমালোকৰ ঈশ্বৰ হম আৰু তোমালোক মোৰ প্ৰজা হ’বা।
13 Я Господь Бог ваш, Который вывел вас из земли Египетской, чтоб вы не были там рабами, и сокрушил узы ярма вашего, и повел вас с поднятою головою.
১৩মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ।
14 Если же не послушаете Меня и не будете исполнять всех заповедей сих,
১৪কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা,
15 и если презрите Мои постановления, и если душа ваша возгнушается Моими законами, так что вы не будете исполнять всех заповедей Моих, нарушив завет Мой,
১৫মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা;
16 то и Я поступлю с вами так: пошлю на вас ужас, чахлость и горячку, от которых истомятся глаза и измучится душа, и будете сеять семена ваши напрасно, и враги ваши съедят их;
১৬তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
17 обращу лице Мое на вас, и падете пред врагами вашими, и будут господствовать над вами неприятели ваши, и побежите, когда никто не гонится за вами.
১৭আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।
18 Если и при всем том не послушаете Меня, то Я всемеро увеличу наказание за грехи ваши,
১৮আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম।
19 и сломлю гордое упорство ваше, и небо ваше сделаю, как железо, и землю вашу, как медь;
১৯মই তোমালোকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তোমালোকৰ আকাশ লোহা যেন, আৰু মাটি পিতল যেন কৰিম।
20 и напрасно будет истощаться сила ваша, и земля ваша не даст произрастений своих, и дерева земли вашей не дадут плодов своих.
২০তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
21 Если же после сего пойдете против Меня и не захотите слушать Меня, то Я прибавлю вам ударов всемеро за грехи ваши:
২১আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম।
22 пошлю на вас зверей полевых, которые лишат вас детей, истребят скот ваш и вас уменьшат, так что опустеют дороги ваши.
২২তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব।
23 Если и после сего не исправитесь и пойдете против Меня,
২৩ইমানতো যদি মোৰ শিকনি নোলোৱা, কিন্তু মোৰ বিপৰীত আচৰণ কৰা,
24 то и Я в ярости пойду против вас и поражу вас всемеро за грехи ваши,
২৪তেন্তে মইয়ো তোমালোকৰ বিপৰীত আচৰণ কৰিম আৰু তোমালোকৰ পাপৰ কাৰণে, মই তোমালোকলৈ সাতগুণ আপদ ঘটাম।
25 и наведу на вас мстительный меч в отмщение за завет; если же вы укроетесь в города ваши, то пошлю на вас язву, и преданы будете в руки врага;
২৫আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।
26 хлеб, подкрепляющий человека, истреблю у вас; десять женщин будут печь хлеб ваш в одной печи и будут отдавать хлеб ваш весом; вы будете есть и не будете сыты.
২৬মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
27 Если же и после сего не послушаете Меня и пойдете против Меня,
২৭ইমানতো তোমালোকে যদি মোৰ বাক্যলৈ কাণ নিদি মোৰ বিপৰীত আচৰণ কৰা,
28 то и Я в ярости пойду против вас и накажу вас всемеро за грехи ваши,
২৮তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।
29 и будете есть плоть сынов ваших, и плоть дочерей ваших будете есть;
২৯তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।
30 разорю высоты ваши и разрушу столбы ваши, и повергну трупы ваши на обломки идолов ваших, и возгнушается душа Моя вами;
৩০মই তোমালোকৰ পবিত্র ঠাইবোৰ নষ্ট কৰিম, তোমালোক সুৰ্য্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মুৰ্ত্তিবোৰৰ শৱৰ ওপৰত তোমালোকৰ শৱ পেলাম; আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব।
31 города ваши сделаю пустынею, и опустошу святилища ваши, и не буду обонять приятного благоухания жертв ваших;
৩১মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্মধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুৰ ঘ্ৰাণ গ্ৰহণ নকৰিম।
32 опустошу землю вашу, так что изумятся о ней враги ваши, поселившиеся на ней;
৩২মই তোমালোকৰ দেশখন উচ্ছন্ন কৰিম; তাতে দেশত থকা তোমালোকৰ শত্ৰুবোৰে তাকে দেখি আচৰিত মানিব।
33 а вас рассею между народами и обнажу вслед вас меч, и будет земля ваша пуста и города ваши разрушены.
৩৩মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব।
34 Тогда удовлетворит себя земля за субботы свои во все дни запустения своего; когда вы будете в земле врагов ваших, тогда будет покоиться земля и удовлетворит себя за субботы свои;
৩৪যেতিয়ালৈতে দেশ উচ্ছন্ন হৈ থাকিব আৰু তোমালোক শত্ৰুবোৰৰ দেশত থাকিবা তেতিয়ালৈকে দেশে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; সেই কালত দেশে বিশ্ৰাম পাই, নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব।
35 во все дни запустения своего будет она покоиться, сколько ни покоилась в субботы ваши, когда вы жили на ней.
৩৫যিমান কাল সেয়ে উচ্ছন্ন হৈ থাকিব, সিমান কাল বিশ্ৰাম কৰিব; তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম-বছৰবোৰত যি যি বিশ্ৰাম ভোগ কৰা নাই, দেশে তাক ভোগ কৰিব।
36 Оставшимся из вас пошлю в сердца робость в земле врагов их, и шум колеблющегося листа погонит их, и побегут, как от меча, и падут, когда никто не преследует,
৩৬আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
37 и споткнутся друг на друга, как от меча, между тем как никто не преследует, и не будет у вас силы противостоять врагам вашим;
৩৭আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে-সিজনৰ লগত খুন্দা খাই পৰিবা; আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ’বলৈ তোমালোকৰ শক্তি নাথাকিব।
38 и погибнете между народами, и пожрет вас земля врагов ваших;
৩৮আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব।
39 а оставшиеся из вас исчахнут за свои беззакония в землях врагов ваших и за беззакония отцов своих исчахнут;
৩৯আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।
40 тогда признаются они в беззаконии своем и в беззаконии отцов своих, как они совершали преступления против Меня и шли против Меня,
৪০কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
41 за что и Я в ярости шел против них и ввел их в землю врагов их; тогда покорится необрезанное сердце их, и тогда потерпят они за беззакония свои.
৪১মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
42 И Я вспомню завет Мой с Иаковом и завет Мой с Исааком, и завет Мой с Авраамом вспомню, и землю вспомню;
৪২তেন্তে যাকোবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম আৰু ইচহাকেৰে সৈতে কৰা মোৰ নিয়মটিও, অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সুঁৱৰিম; আৰু মই দেশকো সোঁৱৰণ কৰিম।
43 тогда как земля оставлена будет ими и будет удовлетворять себя за субботы свои, опустев от них, и они будут терпеть за свое беззаконие, за то, что презирали законы Мои и душа их гнушалась постановлениями Моими,
৪৩দেশ তেওঁলোকৰ দ্বাৰাই পৰিত্যক্ত হ’ব, আৰু তেওঁলোক নথকাকৈ দেশ উচ্ছন্ন হৈ থকা মানে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; আৰু তেওঁলোকে নিজ নিজ অপৰাধ দণ্ড যোগ্য যেন মানিব; কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে।
44 и тогда как они будут в земле врагов их, - Я не презрю их и не возгнушаюсь ими до того, чтоб истребить их, чтоб разрушить завет Мой с ними, ибо Я Господь, Бог их;
৪৪তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
45 вспомню для них завет с предками, которых вывел Я из земли Египетской пред глазами народов, чтоб быть их Богом. Я Господь.
৪৫কিন্তু মই তেওঁলোকৰ ঈশ্বৰ হ’বৰ অৰ্থে তেওঁলোকৰ যি পুৰ্ব্বপুৰুষসকলক জাতি সমূহৰ আগতে মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, তেওঁলোকৰ সেই পুৰ্ব্বপুৰুষসকলৰে সৈতে কৰা মোৰ নিয়মটি তেওঁলোকৰ মঙ্গলৰ অৰ্থে সোঁৱৰিম; মই যিহোৱা।”
46 Вот постановления и определения и законы, которые постановил Господь между Собою и между сынами Израилевыми на горе Синае, чрез Моисея.
৪৬চীনয় পৰ্ব্বতত যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত এইবোৰ বিধি, শাসন-প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে।

< Левит 26 >